■ ভূপাল গেছ দুৰ্ঘটনাৰ ৪০ বছৰৰ পাছত যোৱা নিশা অধুনালুপ্ত ইউনিয়ন কাৰ্বাইড কাৰখানাৰ পৰা প্ৰায় ৩৭৭ টন বিষাক্ত আৱৰ্জনা স্থানান্তৰৰ প্ৰক্ৰিয়া আৰম্ভ হয়। এই বিষাক্ত আৱৰ্জনাখিনি ১২টা বন্ধ কণ্টেইনাৰ ট্রাকেৰে ভূপালৰ পৰা ২৫০ কিলোমিটাৰ নিলগৰ ধাৰ জিলাৰ পিঠমপুৰ ঔদ্যোগিক এলেকালৈ লৈ যোৱা হৈছে। আৱৰ্জনাখিনি লৈ যোৱা কণ্টেইনাৰ ট্ৰাককেইখনে কালি নিশা ৯ বজাত যাত্ৰা আৰম্ভ কৰে। ভূপাল গেছ দুর্ঘটনা সাহায্য আৰু পুনৰ্বাসন বিভাগৰ সঞ্চালক স্বতন্ত্ৰ কুমাৰ সিঙে বিষাক্ত আৱৰ্জনা লৈ যোৱা বাহনকেইখনৰ বাবে সেউজ কৰিড’ৰৰ ব্যৱস্থা কৰা বুলি জানিবলৈ দিছে। তেওঁ কয় যে এই আৱৰ্জনাখিনি পেকিং কৰি ট্ৰাকত বোজাই দিয়াৰ বাবে প্ৰায় ১০০জন লোকে দেওবাৰৰ পৰা ৩০-৩০ মিনিটৰ ছিফ্টত কাম কৰে। তেওঁ লগতে কয় যে ধাৰত প্ৰাৰম্ভিক অৱস্থাত একাংশ আৱৰ্জনা জ্বলাই দিয়া হ’ব আৰু ইয়াৰ ছাইত কিবা বিষাক্ত উপাদান পোৱা যায় নেকি পৰীক্ষা কৰা হ’ব। সঞ্চালকগৰাকীয়ে কয় যে আৱৰ্জনা জ্বলোৱা চৌকাৰ পৰা ওলোৱা ধোঁৱা ৪টা প্ৰলেপযুক্ত বিশেষ ফিল্টাৰৰ মাজেৰে পাৰ হৈ যাব, যাতে এলেকাটোৰ চৌপাশৰ বায়ুমণ্ডল প্ৰদূষিত হ’ব নোৱাৰে। ১৯৮৪ চনৰ ২ ডিচেম্বৰত মাজনিশা ইউনিয়ন কার্বাইড কীটনাশক কাৰখানাৰ পৰা বিষাক্ত মিথাইল আইছ’ছাইনেট গেছ নির্গমন হৈছিল আৰু ইয়াৰ ফলত কমেও ৫ হাজাৰ ৪৭৯গৰাকী লোকে প্ৰাণ হেৰুৱাইছিল। এই দুৰ্ঘটনাৰ বাবে হাজাৰ হাজাৰ লোক গুৰুতৰ স্বাস্থ্য সমস্যাতো ভূগিছিল।
Site Admin | January 2, 2025 9:36 AM | Akashvani | Akashvani News | Bhupal