ভূটান ভ্ৰমণৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দেশখনৰ ৰজা জিগমে খেছাৰ নামগিয়াল ৱাংচুকক সাক্ষাৎ কৰি অসম আৰু ভূটানৰ মাজৰ ঐতিহ্যপূৰ্ণ সম্পৰ্ক অধিক সূদৃঢ় কৰাৰ বিষয়ে আলোচনা কৰে।
মুখ্যমন্ত্ৰীয়ে ভূটানৰ প্ৰধানমন্ত্ৰী দাছ’ চেৰিং টবগেৰ সৈতে দুয়োখন ৰাষ্ট্ৰৰ পাৰস্পৰিক স্বার্থজড়িত বিভিন্ন বিষয়ৰ লগতে বাণিজ্যিক অংশীদাৰিত্ব শক্তিশালী কৰাৰ বাবে আলোচনা কৰে।
তেওঁ কয়, যে ভূটান আৰু অসমৰ মাজত পূৰ্বৰে পৰা ৭টা বাণিজ্যিক পথেৰে যাতায়াত ব্যৱস্থা অব্যাহত আছে। দুয়োখন ভূখণ্ডৰ মাজৰ ব্যৱসায়-বাণিজ্য বৃদ্ধিৰ বাবে অতিৰিক্ত পথৰ ব্যৱস্থা কৰিবলৈ ৰাজ্য চৰকাৰে পদক্ষেপ ল’ব বুলি মুখ্যমন্ত্রীয়ে প্রতিশ্রুতি দিয়ে।
তদুপৰি অসম মালা প্ৰকল্পৰ অধীনত কোকৰাঝাৰ আৰু গেলেফুৰ মাজত পথ সংযোগ অধিক শক্তিশালী কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। ইয়াৰ আগেয়ে কালি ভূটানৰ থিঙ্কুৰ ছাংগলিমেথাং খেলপথাৰত আয়োজিত দেশখনৰ ১১৭ সংখ্যক ৰাষ্ট্ৰীয় দিৱসৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে সপত্নীক অংশগ্রহণ কৰে।
উল্লেখযোগ্য যে ১৯০৭ চনত ভূটানৰ প্ৰথম ৰজা উগ্যেন ৱাংচুকৰ ৰাজ অভিষেকৰ স্মৃতিত এই ৰাষ্ট্ৰীয় দিৱস উদযাপন কৰা হয়।