মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ভূটানৰ ১১৭ সংখ্যক ৰাষ্ট্ৰীয় দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। চাৰিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে কালি থিস্ফুত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দেশখনৰ ৰাজধানীত অনুষ্ঠিত এডভাণ্টেজ আছামৰ ৰোড শ্ব’ত অংশ লৈ ভূটানৰ প্ৰধানমন্ত্ৰী দাছ’ শ্বেৰিং টবগে আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলক এডভান্টেজ আছাম সন্মিলন ২০২৫ৰ বাবে আমন্ত্রণ জনায়। উল্লেখযোগ্য যে থিঙ্কু বিমান বন্দৰত কালি মুখ্যমন্ত্ৰীগৰাকীক ভূটানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী লিয়নপো ডি এন ধুংগিয়েলে আদৰণি জনায়। এই ভ্রমণকালত মুখ্যমন্ত্ৰী ড° শৰ্মাই অসমৰ কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেফুলৈ প্ৰস্তাৱিত ৰে’ল পথ নির্মাণ সম্পৰ্কেও দেশখনৰ নেতৃবৰ্গৰ সৈতে আলোচনা কৰাৰ লগতে অসম তথা ভাৰতৰ সৈতে ভূটানৰ সম্পর্ক উন্নত কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে দেশখনৰ ৰজা আৰু প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে আলোচনাত মিলিত হোৱাৰ কথা। তদুপৰি ভূটানৰ পৰা নামি অহা নৈসমূহৰ পৰা অসমত সৃষ্টি হোৱা বান পৰিস্থিতি নিয়ন্ত্ৰণ সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে আলোচনা কৰাৰ সম্ভাৱনা আছে। এই ভ্রমণে প্রতিবেশী ৰাষ্ট্ৰখনৰ সৈতে অসমৰ বন্ধুত্বৰ এনাজৰী কটকটীয়া কৰি তুলিব বুলি আশা কৰা হৈছে। অসম চৰকাৰৰ উদ্যোগত অহা বছৰৰ ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত হ’বলগীয়া এডভান্টেজ আছাম ইনভেষ্টমেন্ট এণ্ড ইনফ্রাস্ট্রাকচাৰ চামিটৰ লগত সংগতি ৰাখি কালি সন্ধিয়া থিস্ফুত অনুষ্ঠিত এখন ব্যৱসায়িক সন্মিলনত ভূটানৰ প্ৰধানমন্ত্ৰীৰ লগতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাইও অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে পর্যটন ক্ষেত্ৰত ভূটানৰ প্রাচীন ভূ-প্রাকৃতিক স্থানসমূহৰ লগতে অসমৰ কাজিৰঙা, মানস ৰাষ্ট্ৰীয় উদ্যান আৰু মাজুলী সংযোগ কৰি এটা পৰ্যটন ক্ষেত্ৰৰ সংবর্ধনৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা যাব। তেওঁ লগতে অসমৰ চিকিৎসা মহাবিদ্যালয়ত ভূটানৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ৫ খন আসন সংৰক্ষণৰ ব্যৱস্থাৰ বিষয়েও উল্লেখ কৰে।
Site Admin | December 17, 2024 11:35 AM | CM Bhutan Visit