প্রতিবেশী ৰাষ্ট্ৰ ভূটানৰ সৈতে পাৰস্পৰিক সম্পৰ্ক শক্তিশালী কৰাৰ অংশ হিচাপে আজি বাক্সা জিলাৰ দৰঙাত এটা ইমিগ্ৰেচন তালাচী চকীৰ নতুন ভৱন মুকলি কৰা হয়। ভূটান সীমান্তৰ পৰা ৭০০ মিটাৰ নিলগত অৱস্থিত এই ভূ-বন্দৰটোৱে দুয়োখন ৰাষ্ট্ৰৰ মাজত সম্পৰ্ক সূদৃঢ় কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। ৰাজ্যপাল লক্ষ্মনপ্ৰসাদ আচাৰ্য্য আৰু ভূটানৰ প্ৰধানমন্ত্রী দাছো চেৰিং টবগেই যুটীয়াভাৱে ভৱনটো উদ্বোধন কৰে। ৰাজ্যপাল শ্ৰী আচাৰ্যই নিজৰ ভাষণত কয় যে সংহত তালাচী চকীয়ে দুয়োদেশৰ মাজত অর্থনৈতিক তথা সামাজিক সংযোগ শক্তিশালী কৰিব। ভূটানৰ প্ৰধানমন্ত্ৰী টগেই এই তালাচী চকীটো প্ৰতিষ্ঠাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোৱা উদ্যোগৰ শলাগ লয়।
১৪.৫ একৰ ভূমি আৱৰি থকা এই ইমিগ্ৰেচন তালাচী চকীটোত দৰঙা সীমান্তইদি কৰা ভ্ৰমণ আৰু বাণিজ্য সুশৃংখলিত কৰাৰ আধুনিক ব্যৱস্থা আছে। দৰঙাত এই তালাচী চকীৰ ভৱনটো ভাৰত আৰু ভূটানৰ যুটীয়া উদ্যোগত স্থাপন কৰা হৈছে। উল্লেখযোগ্য যে এই নতুন ভৱনৰ নিৰ্মাণে ভাৰত আৰু ভূটানৰ বন্ধুত্বপূর্ণ সম্পর্ক অধিক শক্তিশালী কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে। দুয়োদেশৰ ৰাষ্ট্ৰীয় সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানৰ কাৰ্যসূচীত কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটা,
কেন্দ্ৰীয় মন্ত্ৰী সঞ্জয় কুমাৰ, সাংসদ দিলীপ শইকীয়া বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।