ভূটানৰ কৃষি মন্ত্ৰী য়ুনটেন ফুণ্টছ’ৰ নেতৃত্বত দেশখনৰ ১১গৰাকী সদস্যৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলে আজি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক ৰাজভৱনত সাক্ষাৎ কৰে। এই সাক্ষাৎকালত ৰাজ্যপালগৰাকীয়ে ভূটানৰ সৈতে অসমৰ সৌহার্দ্যপূর্ণ সম্পৰ্কৰ বিষয়ে উল্লেখ কৰি কয় যে কেইবা শতিকাজুৰি অসম আৰু ভুটানে সাংস্কৃতি, ঐতিহাসিক আৰু অৰ্থনৈতিক বিনিময়ৰ মাধ্যমেৰে এই সম্পৰ্ক বৰ্তাই ৰাখি আহিছে। ভাৰত আৰু ভূটানে পৰস্পৰৰ দূৰদৰ্শী নেতৃত্বৰ প্ৰতি গভীৰভাৱে শ্ৰদ্ধা প্ৰদৰ্শন কৰি আহিছে বুলিও শ্রীআচাৰ্যই উল্লেখ কৰে। এই প্রসঙ্গতে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভূটানৰ ৰজা জিগমে খেচাৰ নামগ্যাল ৱাংচুকৰ নেতৃত্বৰ বিষয়ে উল্লেখ কৰে। ৰাজ্যপালগৰাকীয়ে প্ৰতিনিধিসকলক পৰৱৰ্ত্তী সময়তো পর্যটন বিশেষকৈ আধ্যাত্মিক পৰ্যটনৰ প্ৰসাৰৰ বাবে পাৰস্পৰিক স্বার্থজড়িত বিষয়সমূহক প্রাধান্য দিবলৈ আহ্বান জনায়। অসমৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত ভূটানৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ৫খনকৈ আসন সংৰক্ষণ কৰাৰ বিষয়ে উল্লেখ কৰি ৰাজ্যপালগৰাকীয়ে কয় যে এই পদক্ষেপে প্ৰতিবেশী ৰাষ্ট্ৰখনৰ ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক আৰু দক্ষতা বিকাশৰ প্ৰতি ৰাজ্যখনৰ সদিচ্ছাকে প্রতিফলিত কৰিছে। শ্রীআচাৰ্যই জৈৱিক কৃষিৰ ক্ষেত্ৰত ভূটানে আৰোপ কৰা গুৰুত্বৰ কথাও উল্লেখ কৰে। ভূটানৰ মন্ত্ৰীগৰাকীয়ে ৰাজ্যপাল শ্ৰীআচাৰ্যক গেলেফুৰ মাইণ্ড ফুলনেছ চিটী প্ৰকল্পৰ বিষয়ে অৱগত কৰি ইয়াৰ পৰা অসমে লাভ কৰিবলগীয়া সুবিধা সম্পৰ্কে জানিবলৈ দিয়ে।
Site Admin | February 26, 2025 7:35 PM | Bhutan-Agri-Minister-meet-Governor-Assam
ভূটানৰ কৃষি মন্ত্ৰী য়ুনটেন ফুণ্টছ’ৰ নেতৃত্বত এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ
