প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি ওড়িশাৰ ৰাজধানী ভুৱনেশ্বৰত অনুষ্ঠিত সদৌ ভাৰত আৰক্ষী সঞ্চালক প্ৰধান আৰু আৰক্ষী মহা পৰিদৰ্শক সন্মিলনত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে কালি ভূবনেশ্বৰৰ লোকসেৱা ভৱনৰ প্ৰেক্ষাগৃহত আয়োজিত তিনিদিনীয়া সন্মিলখন উদ্বোধন কৰিছিল। প্ৰধানমন্ত্রী মোদীয়ে কাইলৈ সন্মিলখনত অংশগ্ৰহণ কৰিব। প্রধানমন্ত্রী কার্যালয়ে এটা বিবৃতিত প্ৰকাশ কৰা অনুসৰি শ্ৰীমোদীয়ে ইতিমধ্যে সন্মিলনখনত মুকলি আৰু তথ্য সমৃদ্ধ আলোচনা হ’ব বুলি আশা প্রকাশ কৰিছে। গৃহমন্ত্রী অমিত শ্বাহ, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা ড° অজিত দোভাল আৰু প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব পি কে মিশ্ৰয়ো এই সন্মিলনখনত অংশগ্ৰহণ কৰিছে। এই সন্মিলখনত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিভিন্ন দিশৰ লগতে সীমাহৰ সিপাৰৰ পৰা চলি থকা সন্ত্রাসবাদ, বাওঁ উগ্রপন্থী সমস্যা, উপকূল সুৰক্ষা, চাইবাৰ অপৰাধ, নতুন ফৌজদাৰী আইন, মাদক দ্ৰব্যৰ প্ৰতিৰোধ আদিৰ বিষয়ে আলোচনা হ’ব। এই সন্মিলনতে অনবদ্য সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক লাভ কৰা সকলক আনুষ্ঠানিকভাৱে পদক প্রদান কৰা হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ওড়িশাত তিনিদিনীয়া ভ্রমণসূচী লৈ কালি সন্ধিয়া ভূৱনেশ্বৰত উপস্থিত হৈছিল।
Site Admin | November 30, 2024 7:00 PM | narendra modi | PMO India