ভিয়েনাত অষ্ট্ৰিয়াৰ চেঞ্চেলৰ কাৰ্ল নেহাম্মেৰক সাক্ষাৎ প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিয়েনাত অষ্ট্ৰিয়াৰ চেঞ্চেলৰ কাৰ্ল নেহাম্মেৰক সাক্ষাৎ কৰে। সামাজিক মাধ্যমযোগে প্ৰচাৰ কৰা এটা বাৰ্তাত শ্ৰী মোদীয়ে তেওঁক আদৰণি জনোৱাৰ বাবে শ্রী নেহাম্মেৰক ধন্যবাদ জনোৱাৰ লগতে অনাগত সময়ত ভাৰত আৰু অষ্ট্ৰিয়াৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পর্ক অধিক শক্তিশালী হৈ উঠিব বুলি আশা প্ৰকাশ কৰে। একে সময়তে সমগ্ৰ বিশ্বৰ কল্যাণৰ হকে সহযোগিতাৰে কাম কৰাৰ উদ্দেশ্যে উভয় পক্ষৰ মাজত হ’বলগীয়া আলোচনালৈ আগ্ৰহেৰে বাট চাই থকা বুলিও শ্রী মোদীয়ে লগতে প্রকাশ কৰে। আনহাতে, অষ্ট্ৰিয়াৰ চেঞ্চেলৰ নেহাম্মেৰেও শ্ৰী মোদীৰ সাক্ষাৎ লাভ কৰি আনন্দ পোৱা বুলি ব্যক্ত কৰাৰ লগতে তেওঁক অষ্ট্ৰিয়ালৈ আদৰণি জনাবলৈ পোৱাটোক সুখ আৰু সন্মানৰ কাৰণ বুলি অভিহিত কৰে। অষ্ট্ৰিয়া আৰু ভাৰত পৰস্পৰৰ বন্ধু তথা সহযোগী বুলি মত প্ৰকাশ কৰি শ্ৰী নেহাম্মেৰেও প্রধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ এই সময়ছোৱাত হ’বলগীয়া ৰাজনৈতিক আৰু অৰ্থনৈতিক বিষয়ৰ আলোচনালৈ আগ্ৰহেৰে অপেক্ষা কৰা বুলি উল্লেখ কৰে।
আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে ৰাছিয়া আৰু অষ্ট্ৰিয়া ভ্ৰমণলৈ যোৱা প্ৰধানমন্ত্ৰী মোদীক কালি ৰাছিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান অৰ্ডাৰ অব্ ছেইণ্ট এন্ড্রিউ দা এপল আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। দেশখনৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে শ্রীমোদীক এই সন্মান প্ৰদান কৰে। ভাৰত আৰু ৰাছিয়াৰ মাজত দ্বিপাক্ষিক সম্পর্ক বৃদ্ধিত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱাৰ বাবে প্রধানমন্ত্ৰী মোদীক এই সন্মান আগবঢ়োৱা হৈছে। দুদিনীয়া ভ্ৰমণসূচীৰে মস্কোত উপস্থিত হোৱা প্ৰধানমন্ত্রী মোদী কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পাছত কালি বিয়লি ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। আনহাতে শ্রীমোদীয়ে মস্কোত কালি প্রবাসী ভাৰতীয় সকলৰ সৈতেও মত বিনিময় কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুই দেশীয় ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত কালি অষ্ট্ৰিয়াৰ ৰাজধানী ভিয়েনাত উপস্থিত হয়।
ইপিনে, ভাৰত আৰু ৰাছিয়াই ২০৩০ চনলৈকে এহেজাৰ কোটি ডলাৰৰ বাণিজ্যিক লক্ষ্য স্থিৰ কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে। দুয়োখন দেশে ভিন ভিন ক্ষেত্ৰত সহযোগিতাৰ বাবে ৯খন চুক্তিত স্বাক্ষৰ কৰিছে। ইয়াৰ ভিতৰত পৰিবেশ আৰু জলবায়ু পৰিৱৰ্তন, মানচিত্র বিজ্ঞান, বিনিয়োগ, বাণিজ্য আৰু ভেষজ অন্যতম। নতুন দিল্লী আৰু মস্কো মহলে লগতে প্ৰসাৰ ভাৰতী আৰু টিভি নৱ’ষ্টিৰ মাজত প্ৰচাৰ ক্ষেত্ৰত সহযোগিতাৰ অৰ্থে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। মস্কোত কালি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিদেশ সচিব বিনয় মোহন কোৱাট্টাই কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভ্লাডিমিৰ পুটিনৰ মাজত হোৱা বৈঠকত ঘাইকৈ অর্থনৈতিক সহযোগিতাৰ বিষয় লৈ আলোচনা হয়। আলোচনাত ৰাজনৈতিক আৰু অর্থনৈতিক ক্ষেত্র, ব্যাপক বাণিজ্য, মূলধনী সম্পর্ক, শক্তি, বিজ্ঞান আৰু প্ৰযুক্তি সহযোগিতা, প্ৰতিৰক্ষা আৰু সুৰক্ষা খণ্ডত দুয়ো দেশৰ মাজত সহযোগিতাৰ বিভিন্ন দিশ সামৰি লোৱা হয়।

অধিক পঢ়ক

সকলো চাওক