ডাউনলোড
মোবাইল এপ

android apple
signal

October 11, 2024 10:51 AM | PM Visit

printer

ভিয়েণ্টিয়ানত হ’বলগীয়া উনবিংশ পূব এছিয়া শীর্ষ সন্মিলনত ভাগ ল’ব প্ৰধানমন্ত্ৰীয়ে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লাওৰ ৰাজধানী ভিয়েণ্টিয়ানত হ’বলগীয়া উনবিংশ পূব এছিয়া শীর্ষ সন্মিলনত ভাগ ল’ব। বিশ্বৰ আগশাৰীৰ নেতাসকলৰ এই মঞ্চই অঞ্চলটোত কৌশলগত আস্থাৰ বাতাবৰণ গঢ়ি তোলাৰ ক্ষেত্ৰত অৱদান আগবঢ়ায় আৰু অংশগ্ৰহণকাৰী ৰাষ্ট্ৰসমূহক আঞ্চলিক গুৰুত্বৰ বিভিন্ন বিষয় লৈ মত- বিনিময়ৰ সুযোগ প্ৰদান কৰে। পূৱ এছিয়া শীৰ্ষ সন্মিলনত ১০খন আছিয়ান ৰাষ্ট্ৰৰ উপৰি আঠখন অংশগ্ৰহণকাৰী দেশ ক্রমে অস্ট্রেলিয়া, চীন, ভাৰত, জাপান, দক্ষিণ কোৰিয়া, নিউজিলেণ্ড, ৰাছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ অন্তৰ্ভুক্ত। টিমোৰ লেষ্টেই এইবেলি পর্যবেক্ষক দেশ হিচাপে সন্মিলনত ভাগ ল’ব। অঞ্চলটোত শান্তি, সুস্থিৰতা আৰু সমৃদ্ধি বৰ্তাই ৰখাৰ এই ব্যৱস্থা ২০০৫ চনৰে পৰা কাৰ্যকৰী হৈ আছে। প্রধানমন্ত্রী মোদীয়ে আজি সন্মিলনৰ আপাহতে কেইবাখনো দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে। তেওঁ লগতে লাও গণতান্ত্রিক গণৰাজ্যৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিব। শ্রীমোদীয়ে কালি ভিয়েন্টিয়ানত অনুষ্ঠিত একবিংশ আছিয়ান ভাৰত শীৰ্ষ সন্মিলনক সম্বোধন কৰে । তেওঁ কয় যে, ভাৰতৰ এক ইষ্ট নীতিয়ে আছিয়ান ৰাষ্ট্ৰসমূহৰ সৈতে থকা সম্পৰ্কৰ্ক নতুন গতি আৰু দিশ প্ৰদান কৰিছে। তেওঁ লগতে একবিংশ শতিকা ভাৰত আৰু আছিয়ান ৰাষ্ট্ৰসমূহৰ বুলি প্ৰকাশ কৰিছে। তেওঁ কয় যে ভাৰত আৰু আছিয়ান দেশসমূহ শান্তিপ্ৰিয় ৰাষ্ট্ৰ আৰু তেওঁলোকে পৰস্পৰৰ ৰাষ্ট্ৰীয় অখণ্ডতা আৰু সাৰ্বভৌমত্বক সন্মান কৰে। শ্ৰী মোদীয়ে কয় যে, বিশ্বৰ বিভিন্ন অংশ সংঘৰ্ষ আৰু উত্তেজনাৰ সন্মুখীন হোৱাৰ সময়ত ভাৰত আৰু আছিয়ান ৰাষ্ট্ৰসমূহৰ মাজৰ মিত্রতা-সহযোগিতা, আলাপ-আলোচনা আৰু অংশীদাৰিত্ব গুৰুত্বপূৰ্ণৰূপে বিবেচিত হৈছে।

অধিক পঢ়ক

সকলো চাওক