ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে মহাৰাষ্ট্ৰত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰ জৰিয়তে মহাৰাষ্ট্ৰত ৭,৬০০ কোটি টকাতকৈও অধিক পৰিমাণৰ পুঁজি ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই অনুষ্ঠানত তেওঁ নাগপুৰৰ ড০ বাবাছাহেব আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ উন্নীতকৰণ প্ৰকল্পৰ লগতে শ্বিদী বিমানবন্দৰৰ নতুন সংহত টার্মিনেল ভৱনৰো আধাৰশিলা স্থাপন কেৰে। তদুপৰি প্রধানমন্ত্ৰীয়ে মহাৰাষ্ট্ৰত নতুনকৈ নিৰ্মাণ কৰা দহখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ পাঠদান প্ৰক্ৰিয়াৰো আনুষ্ঠানিক আৰম্ভণি কৰে। আনহাতে ভাৰতবৰ্ষক বিশ্বৰ দক্ষতাৰ ৰাজধানী হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰ সৈতে সামঞ্জস্য ৰাখি প্ৰধানমন্ত্রীয়ে Indian Institute of Skills Mumbai নামৰ প্ৰতিষ্ঠানটোও উদ্বোধন কৰে৷

অধিক পঢ়ক

সকলো চাওক