প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে গুজৰাটৰ চুৰাটত জল সঞ্চয় জন ভাগিদাৰী কাৰ্যসূচী মুকলি কৰে। প্ৰধানমন্ত্ৰী মোদীৰ সহযোগিতামূলক জল ব্যৱস্থাপনাৰ দৃষ্টিভংগীৰে ৰূপায়ণ হৈ থকা জলশক্তি অভিযানঃ বৰষুণৰ পানী সংৰক্ষণ অনুসৰি এই কাৰ্যসূচী লোৱা হৈছে। এই কাৰ্যসূচীৰ জৰিয়তে গুজৰাটৰ বৰষুণৰ পানী সংৰক্ষণৰ পৰিকাঠামো ৰূপায়ণৰ বাবে জনসাধাৰণ, স্থানীয় নিকায়, উদ্যোগ আৰু অন্য পক্ষসমূহক ঐক্যবদ্ধ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। এই কাৰ্যসূচীৰ অধীনত সমূহীয়া সহযোগিতাৰে গুজৰাটৰ বিভিন্ন অংশত বৰষুণৰ পানী সংৰক্ষণৰ উদ্দেশ্যে প্ৰায় ২৪ হাজাৰ ৮০০টা পৰিকাঠামো নিৰ্মাণ কৰা হৈছে।
Site Admin | September 6, 2024 6:47 PM | narendra modi | PMO | PMO India
ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে গুজৰাটৰ চুৰাটত জল সঞ্চয় জন ভাগিদাৰী কাৰ্যসূচী মুকলি প্রধানমন্ত্ৰী মোদীৰ
