ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে ৩ খন বন্দে ভাৰত ৰে’লগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ প্রধানমন্ত্ৰী মোদীৰ

♦ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে ৩ খন বন্দে ভাৰত ৰে’লগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। মেক ইন ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ ভাৰতৰ পৰিকল্পনাক বাস্তবায়িত কৰাৰ অংশ স্বৰূপে শুভাৰম্ভ কৰা এই অত্যাধুনিক বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লগাড়ী কেইখন মিৰাট-লক্ষ্ণৌ, মাডুৰাই- বেংগালুৰু আৰু চেন্নাই-নাগেৰক’ইল পথেৰে চলাচল কৰিব। ৰে’ল গাড়ীকেইখন মুকলি কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, বর্তমান দেশৰ বিকাশৰ যাত্ৰাত উত্তৰৰ পৰা দক্ষিণলৈ নতুন অধ্যায়ৰ সূচনা হৈছে। তেওঁ কয় যে, বন্দে ভাৰত ৰে’লগাড়ীৰ সম্প্ৰসাৰণৰ জৰিয়তে দেশ ক্রমে বিকশিত ভাৰতৰ লক্ষ্যলৈ ধাৱমান হৈছে। প্রধানমন্ত্রীয়ে কয় যে, আজি মুকলি কৰা বন্দে ভাৰত ৰে’লগাড়ী তিনিখনে কেইবাখনো গুৰুত্বপূৰ্ণ আৰু ঐতিহাসিক চহৰক সংযোগ কৰিব। এই ৰে’লগাড়ীয়ে মন্দিৰ মহানগৰ মাডুৰাইক তথ্য প্রযুক্তি মহানগৰ বেংগালুৰুৰ সৈতে সংযোগ কৰিব বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে, বন্দে ভাৰত আধুনিক ভাৰতীয় ৰে’লৱেৰ নতুন পৰিচয়ৰূপে পৰিগণিত হৈছে। তেওঁ কয় যে বর্তমান দেশৰ প্ৰতিখন চহৰ আৰু প্ৰতিটো ৰে’লপথত বন্দে ভাৰত ৰেলগাড়ীৰ চাহিদা দেখা গৈছে। এই দ্ৰুতবেগী ৰে’লগাড়ীয়ে মানুহক ব্যৱসায় সম্প্ৰসাৰণৰ লগতে নিয়োগ সৃষ্টি আৰু সপোন পূৰণত সহায় কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ লগতে কয় যে, দেশত সম্প্ৰতি ১০২ খন বন্দে ভাৰত ৰে’লগাড়ীৰ সেৱা অব্যাহত আছে। শ্রীমোদীয়ে কয় যে, দেশত ৰে’ল ষ্টেচনসমূহত আমূল পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে আৰু সৰু ৰে’ল ষ্টেচনসমূহকো বিমান বন্দৰৰ দৰে অত্যাধুনিক সা-সুবিধাৰে সজ্জিত কৰি তোলা হৈছে। ৰে’ল বিভাগে দুখীয়াৰ পৰা মধ্যবিত্ত শ্ৰেণীলৈকে সকলোৰে বাবে আৰামদায়ক যাত্ৰা সুনিশ্চিত কৰাৰ কাৰ্য্য অব্যাহত ৰাখিব বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে।

Read More news :

প্ৰধানমন্ত্ৰীয়ে লগতে ঘৰুৱা আন্তঃগাঁথনিৰ বিকাশে দুখীয়া লোকসকলৰ সৱলীকৰণ আৰু দৰিদ্ৰতা দূৰীকৰণত সহায় কৰিব বুলি আস্থা প্ৰকাশ কৰে। তেওঁ কয় যে, বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হ’বৰ বাবে দাক্ষিণাত্যৰ ৰাজ্যসমূহত দ্রুত উন্নয়ন অতিকে প্ৰয়োজনীয়। এইবাৰৰ বাজেটত তামিলনাডুৰ ৰে’ল বাজেটৰ বাবে ৬ হাজাৰ কোটিৰো অধিক টকা আবণ্টন দিয়া হৈছে আৰু এই পৰিমাণ ২০১৪ চনৰ তুলনাত ৭ গুণ অধিক। এই উপলক্ষে ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে, স্বাধীনতাৰ পাছত ৰেলৱেত প্ৰযুক্তি আৰু বিনিয়োগৰ অভাৱ আছিল আৰু দশক দশক ধৰি খণ্ডটোত কোনো পৰিৱৰ্তনৰ সূচনা হোৱা নাছিল। ৰে’লৱে এটা প্রযুক্তিগত প্রতিষ্ঠান যদিও ইয়াৰ ৰাজনীতিকৰণ কৰা হৈছিল বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্রীবৈষ্ণৱে কয় যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰে’লৱে খণ্ডত ভালেমান গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সূচনা কৰিছে আৰু খণ্ডটোত বিনিয়োগ ১০ গুণ পৰ্য্যন্ত বৃদ্ধি কৰিছে আৰু নতুন প্রযুক্তি আকোঁৱালি ল’বলৈ অনুপ্ৰাণিত কৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে, বিগত ১০ বছৰত ৰে’ল নেটৱৰ্কত ৩১,১৮০ কিলোমিটাৰ দৈৰ্ঘ্যৰ নতুন ৰে’লপথ সংযোজিত কৰা হৈছে আৰু প্ৰতিদিনে ১৪ কিলোমিটাৰ ৰে’লপথ নিৰ্মাণ কৰি থকা হৈছে। ১,৩২৬ টা ৰে’ল ষ্টেচন নতুনকৈ নিৰ্মাণ কৰা হৈছে, বন্দে মেট্ৰ’ৰ পৰীক্ষামূলক সেৱা অব্যাহত আছে আৰু বন্দে শ্লীপাৰ শ্ৰেণীৰ ৰে’লগাড়ীৰ পৰীক্ষামূলক যাত্রা শীঘ্ৰে আৰম্ভ হ’ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, থলুৱাভাৱে বিকশাই তোলা কৱচ প্রযুক্তি যুদ্ধকালীন ক্ষীপ্ৰতাৰে সমগ্ৰ দেশত ৰূপায়ণৰ ব্যৱস্থা কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক