ভাৰত সম্প্ৰতি আনৰ অনুসৰণকাৰী হোৱাৰ পৰিৱৰ্তে বিভিন্ন খণ্ডত নেতৃত্ব প্রদানকাৰী দেশৰূপে পৰিগণিত হৈছে বুলি বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ড° জীতেন্দ্ৰ সিঙে মন্তব্য কৰিছে। এটা সাক্ষাৎকাৰত মন্ত্ৰীগৰাকীয়ে কয় যে বিভিন্ন বিভাগত উদ্ভাৱনৰ ক্ষেত্ৰত গ্ৰহণ কৰা অগ্রণী ভূমিকা আৰু নেতৃত্বত জৰিয়তে দেশে বিশ্বত এখন উচ্চ আসন লাভ কৰিবলৈ সমৰ্থ হৈছে। ড° সিঙে ভাৰতীয় মহাকাশ খণ্ডত সম্প্ৰতি অভূতপূর্ব ৰূপান্তৰ সাধন হৈছে বুলি আঙুলিয়াই দিয়ে। তেওঁ লগতে কয়, যে মহাকাশত ডকিং পৰীক্ষা সফলতাৰে সম্পন্ন হোৱা কাৰ্যই ভাৰতৰ প্ৰযুক্তিগত প্ৰগতিৰ কথাকে সূচায়। এই সফলতাই গগনযান, চন্দ্ৰযান-4 আৰু ভাৰতীয় মহাকাশ আস্থানৰ দৰে ভৱিষ্যতৰ মহাকাশ অভিযানসমূহত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব বুলিও তেওঁ কয় । মন্ত্ৰীগৰাকীয়ে কয়, যে কৃত্রিম উপগ্রহ উৎক্ষেপনৰ বাবে ভাৰত সম্প্ৰতি বিশ্বৰ বাবে গুৰুত্বপূৰ্ণ স্থান হিচাপেও পৰিগণিত হৈছে। দেশে ৪৩৩ টা বিদেশী কৃত্রিম উপগ্রহ সফলতাৰে উৎক্ষেপন কৰিছে বুলিও তেওঁ কয়। ইয়াৰে ৩৯৬ টা উপগ্রহ যোৱা দশকটোত উৎক্ষেপন কৰা হয় ৷
Site Admin | February 19, 2025 8:26 PM | Jitrendra singh
ভাৰত সম্প্ৰতি আনৰ অনুসৰণকাৰী হোৱাৰ পৰিৱৰ্তে বিভিন্ন খণ্ডত নেতৃত্ব প্রদানকাৰী দেশৰূপে পৰিগণিত হৈছে বুলি ড° জীতেন্দ্ৰ সিঙৰ মন্তব্য
