ভাৰত-ম্যানমাৰ-থাইলেণ্ড সংযোগী ত্রিদেশী ঘাইপথে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰগতিৰ ক্ষেত্ৰত নির্ণায়ক পৰিৱৰ্তনৰ সূচনা কৰিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে প্ৰকাশ কৰিছে। এডভান্টেজ আছাম সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ কালি প্ৰথম দিনা এক্ট ইষ্ট, এক্ট ফাষ্ট এণ্ড এক্ট ফার্ষ্ট শীর্ষক আলোচনা সত্ৰত অংশ লৈ মন্ত্ৰীগৰাকীয়ে কয়, যে বিভিন্ন কাৰণত এই ত্রিদেশীয় ঘাইপথ নিৰ্মাণ স্থবিৰ হৈ আছে যদিও বাস্তৱসন্মত সমাধান উলিয়াই এই প্ৰকল্পটো আগুৱাই লৈ যাব লাগিব। একেদৰে ভূটানৰ গেলেফুত মাইণ্ডফুলনেচ চিটী নিৰ্মাণ হৈ উঠিলে অসমৰ বাবে সুযোগ আৰু সম্ভাৱনাৰ পথ প্ৰশস্ত হ’ব বুলি তেওঁ উল্লেখ কৰে। আছিয়ান ৰাষ্ট্ৰসমূহৰ বাবে অসম তথা উত্তৰ-পূৰ্বাঞ্চল উন্নয়নৰ বৃহৎ কেন্দ্ৰ হিচাপে পৰিগণিত হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে আশা প্রকাশ কৰে। অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, যে অসমে আত্মনিৰ্ভৰশীল হোৱাৰ লক্ষ্যৰে অগ্ৰসৰ হৈছে আৰু এডভান্টেজ আছাম সন্মিলনে ৰাজ্যখনৰ এই দৃঢ়তাকে প্ৰতিপন্ন কৰিছে। এই বিনিয়োগ সন্মিলনত বিভিন্ন দেশৰ সৈতে হোৱা আলোচনাসমূহ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ জয়শংকৰৰ পৰামৰ্শমৰ্মে আগবঢ়াই নিয়া হ’ব বুলি মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰে। তেওঁ বিদেশী ৰাষ্ট্ৰৰ বৃহৎ প্ৰতিনিধি দলটো অসমলৈ নেতৃত্ব দি লৈ অনাৰ বাবে মন্ত্ৰীগৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰে। আলোচনা সত্ৰত ছিংগাপুৰৰ ৰাষ্ট্রদূত ছাইমন ৰং, ভূটানৰ ৰাষ্ট্রদূত মেজৰ জেনেৰেল ভেটশ্ব’প নামগ্যাল, জাপানৰ ৰাষ্ট্রদূত কেইছ’ অন’ৱে আন্তঃগাঁথনি আৰু যোগাযোগ ব্যৱস্থা উন্নয়নৰ দ্বাৰা আঞ্চলিক অংশীদাৰিত্ব গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
Site Admin | February 26, 2025 11:50 AM | Advantage Assam 2.0 | EAM Dr S Jaishankar
ভাৰত-ম্যানমাৰ-থাইলেণ্ড সংযোগী ত্রিদেশী ঘাইপথে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰগতিৰ ক্ষেত্ৰত নির্ণায়ক পৰিৱৰ্তনৰ সূচনা কৰিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ প্ৰকাশ
