August 13, 2024 3:05 PM | Jagdeep Dhankhar

printer

ভাৰত মণ্ডপমৰ পৰা পতাকা জোকাৰি হৰ ঘৰ তিৰংগা বাইক সমদলৰ শুভাৰম্ভ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি পুৱা নতুন দিল্লীত ভাৰত মণ্ডপমৰ পৰা পতাকা জোকাৰি হৰ ঘৰ তিৰংগা বাইক সমদলৰ শুভাৰম্ভ কৰে। কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱট, ৰাম মোহন নাইডু কিঞ্জাৰাপু, কিৰেণ ৰিজিজু আৰু মনসুখ মন্দাভিয়া এই অনুষ্ঠানত উপস্থিত থাকে। মেজৰ ধ্যানচন্দ নেচনেল ষ্টেডিয়ামত এই বাইক সমদলৰ সামৰণি পৰে।
এই উপলক্ষে উপ-ৰাষ্ট্ৰপতি ধনখড়ে কয় যে স্বাধীনতা দিৱসত ঘৰে ঘৰে ত্ৰিৰংগ পতাকা উত্তোলন কৰিবলৈ জনসাধাৰণক উৎসাহিত কৰাৰ উদ্দেশ্যে হৰ ঘৰ তিৰংগা অভিযান আৰম্ভ কৰা হৈছে। তেওঁ কয় যে এই অভিযান ইতিমধ্যে আন্দোলনত পৰিণত হৈছে আৰু কোটি কোটি লোকে নিজৰ বাসগৃহত পতাকা উত্তোলন কৰিছে। হৰ ঘৰ তিৰংগা অভিযানে দেশৰ স্বাধীনতা, গৌৰৱ আৰু বিকশিত ভাৰতৰ প্ৰতি প্ৰতিশ্রুতিবদ্ধতাক প্রতিফলিত কৰে বুলি উপ-ৰাষ্ট্ৰপতিয়ে মন্তব্য কৰে।
সাংস্কৃতিক মন্ত্রী গজেন্দ্র সিং শেখাৱটে কয় যে ত্ৰিৰংগা দেশৰ গৌৰৱ আৰু এই পতাকাই সমগ্ৰ দেশক ঐক্যবদ্ধ কৰি ৰাখিছে। ইপিনে, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি বিয়লি আহমেদাবাদৰ পৰা পতাকা জোঁকাৰি ত্ৰিৰংগা যাত্ৰাৰ শুভাৰম্ভ কৰিব। গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে এই যাত্ৰাত ভাগ ল’ব।

অধিক পঢ়ক

সকলো চাওক