ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মৱে কৈছে যে ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান ইছৰৱে অকল মহাকাশ ক্ষেত্ৰতে নহয় বৰং দেশৰ আৰ্থ-সামাজিক বিকাশতো গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। নতুন দিল্লীত আজি প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ কাৰ্যসূচী মুকলি কৰি শ্ৰীমতী মুৰ্মৱে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে মহাকাশ ক্ষেত্ৰৰ বিকাশৰ বাবে স্বাস্থ্য, পৰিবহণ, পৰিৱেশ, শক্তি, সুৰক্ষা, তথ্য-প্রযুক্তি আৰু আন ভালেমান খণ্ড উপকৃত হৈছে। মহাকাশ অন্বেষণে মানুহৰ সামৰ্থ বৃদ্ধি কৰিছে বুলি উল্লেখ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই অন্বেষণে কল্পনাক বাস্তৱ ৰূপ দিয়াত আৰু ব্ৰহ্মাণ্ডৰ ৰহস্য উদ্ঘাটন কৰাত সহায় কৰিছে। তেওঁ কয় যে ইছৰ’ৰ চন্দ্ৰযানে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ ক্ষণটো সকলো ভাৰতীয়ৰ বাবে গৌৰৱৰ মুহূৰ্ত আছিল। ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন কৰাটো এটা প্রশংসনীয় পদক্ষেপ বুলি ৰাষ্ট্ৰপতি মুমুৱে মন্তব্য কৰে। তেওঁ কয় যে মহাকাশ ক্ষেত্ৰত ভাৰতৰ সাফল্য সঁচাকৈ অসাধাৰণ। তেওঁ লগতে কয় যে ন্যূনতম সম্পদৰ জৰিয়তে মংগলযান অভিযান সম্পূৰ্ণ কৰাই হওঁক বা এবাৰতে শতাধিক কৃত্ৰিম উপগ্ৰহৰ উৎক্ষেপনেই হওঁক ভাৰতে এনে ভালেমান সাফল্য অর্জন কৰিবলৈ সমৰ্থ হৈছে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে ২০৩০ চনৰ ভিতৰত মহাকাশক আৱৰ্জনামুক্ত কৰাৰ বাবে ইছৰ’ৱে গ্ৰহণ কৰা পৰিকল্পনাৰ প্ৰশংসা কৰে ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰি মহাকাশ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ড° জিতেন্দ্ৰ সিঙে কয় যে নৰেন্দ্ৰ মোদী চৰকাৰে মহাকাশখণ্ডক অতীতৰ শিকলি ছিঙি মুক্ত কৰি তুলিছে। তেওঁ কয় যে প্রায় ৭০ বছৰ ধৰি মহাকাশ খণ্ডই স্ব- আৰোপিত গোপনীয়তাৰ আচ্ছাদনৰ আঁৰত কাম কৰি আছিল, যাৰ ফলত সংস্থাটো সম্পদ আৰু জ্ঞানৰ পৰা বঞ্চিত হৈ আছিল। এই উপলক্ষে ইছৰ’ৰ অধ্যক্ষ এছ সোমনাথে কয় যে এইবেলি সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন কৰা হৈছে। এই দিৱসত সকলো বিভাগ, মন্ত্ৰ্যালয়, শৈক্ষিক প্রতিষ্ঠান, বিজ্ঞান সংস্থা, বে-চৰকাৰী সংস্থা আৰু জনসাধাৰণে অংশগ্ৰহণ কৰিছে। ৰাষ্ট্ৰীয় মহাকাশ দিৱসক লৈ জনসাধাৰণৰ মাজত বিপুল উৎসাহ পৰিলক্ষিত হোৱা বুলি তেওঁ উল্লেখ কৰে। অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মৱে ইছৰ’ৰ ৰব’টিকছ প্ৰতিযোগিতা আৰু ভাৰতীয় মহাকাশ হেকাথনৰ বিজয়ীসকলক পুৰস্কাৰ প্ৰদান কৰে ।
Site Admin | August 23, 2024 7:30 PM | Prez-Space Day