May 27, 2024 7:35 PM | President

printer

ভাৰত মণ্ডপমত ব্ৰহ্মকুমাৰীসকলৰ দ্বাৰা আয়োজিত অনুষ্ঠানত ৰাষ্ট্ৰপতিৰ ভাষণ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুয়ে কৈছে যে, স্বাৰ্থপৰতাৰ উৰ্ধলৈ গৈ জনকল্যাণৰ উদ্যমেৰে নিৰন্তৰ কাম কৰি যোৱাটো অন্তর্নিহিত আধ্যাত্মিকতাৰ সমজুৱা প্ৰকাশ। নতুন দিল্লীৰ ভাৰত মণ্ডপমত ব্ৰহ্মকুমাৰীসকলৰ দ্বাৰা আয়োজিত এটা অনুষ্ঠানত আজি ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। ব্ৰহ্মকুমাৰীসকলৰ এই বছৰৰ নিৰ্ধাৰিত বিষয়বস্তু স্বচ্ছ আৰু সবল সমাজৰ বাবে আধ্যাত্মিক সবলীকৰণ ৰাষ্ট্ৰীয়ভাৱে উন্মোচন কৰাৰ উদ্দেশ্যে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। অনুষ্ঠানত শ্ৰীমতী মুৰ্মুয়ে কয় যে জনহিতৰ বাবে আগবঢ়োৱা নিঃস্বাৰ্থ সেৱা হৈছে সবাতোকৈ গুৰুত্বপূৰ্ণ আধ্যাত্মিক প্ৰমূল্যসমূহৰ মাজৰেই এটা। সামগ্রিক কল্যাণ সুস্থ মানসিকতাৰ ওপৰতে নিৰ্ভৰশীল বুলিও তেওঁ লগতে মন্তব্য কৰে। আধ্যাত্মিক সৱলীকৰণক প্ৰকৃত সৱলীকৰণৰূপে অভিহিত কৰি শ্রীমতী মুর্মুয়ে কয় যে, আধ্যাত্মিক প্রমূল্যবোধে সকলো ধৰ্মৰ লোকক একতাৰ ডোলেৰে বান্ধে। তেওঁ লগতে কয় যে, বিশ্বৰ বিভিন্ন প্ৰান্তত ভয়, সন্ত্রাস আৰু যুদ্ধক উদগণি যোগোৱা বহুতো অশুভ শক্তিৰ উত্থান ঘটিছে আৰু এনে পৰিস্থিতিৰ মাজতো ব্ৰহ্মকুমাৰীৰ দৰে প্ৰতিষ্ঠানে এশখনৰো অধিক দেশত থকা নিজৰ কেন্দ্ৰসমূহৰ জৰিয়তে মানৱীয়তাক সবল কৰি তোলাৰ বাবে এখন অত্যন্ত প্ৰভাৱশালী মঞ্চ প্ৰদান কৰিছে।

অধিক পঢ়ক

সকলো চাওক