বিকশিত ভাৰত যুৱ নেতা আলোচনা ২০২৫ আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত আৰম্ভ হ’ব। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰ্যালয়ে কৈছে, যে যুৱক-যুৱতীসকলক বিকশিত ভাৰতৰ বাবে উদ্ভাৱণমূলক সমাধান আগবঢ়োৱাৰ অনন্য মঞ্চ প্ৰদান কৰাই এই তিনিদিনীয়া আলোচনাৰ মূল উদ্দেশ্যে। এই আলোচনাই যুৱ নেতাসকলক ৰাষ্ট্ৰৰ ভৱিষ্যৎ গঢ়াৰ ক্ষেত্ৰত নিজৰ অৱধাৰণাৰ অৱদান আগবঢ়াই নীতি প্ৰণেতা, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশিষ্ট ব্যক্তিসকলৰ সৈতে পোনপটীয়াকৈ আলোচনা কৰাৰ সুযোগ প্ৰদান কৰিব। সমগ্ৰ দেশৰ প্ৰায় ৩০ লাখ যুৱ নেতাই বিকশিত ভাৰতৰ বাবে দিহা পৰামৰ্শ আগবঢ়োৱাৰ বাবে বিভিন্ন অনুষ্ঠানত ভাগ লৈছে বুলি মন্ত্ৰ্যালয়ে প্রকাশ কৰিছে। এনে অনুষ্ঠানৰ পৰাই বিকশিত ভাৰত যুৱ নেতা আলোচনাৰ বাবে মুঠ ৩ হাজাৰ প্ৰগতিশীল আৰু উৎসাহী যুৱক-যুৱতীক বাঁচনি কৰা হৈছে। অংশগ্ৰহণকাৰীসকলে ১০টা নির্দিষ্ট বিষয় সন্দৰ্ভত উপস্থাপন কৰিব আৰু প্রতিযোগিতাত অংশগ্রহণ কৰিব। ইয়াৰ ভিতৰত বিকাশো-ঐতিহ্যও, বিকশিত ভাৰতৰ বাবে যুৱ প্ৰজন্মৰ সৱলীকৰণ, কৃষি ক্ষেত্ৰৰ উৎপাদন বৃদ্ধি, ভাৰতক বিশ্বৰ ষ্টাৰ্ট আপ ৰাজধানী হিচাপে গঢ়ি তোলা আৰু ভৱিষ্যতৰ বাবে আন্তঃগাঁথনি নির্মাণ অন্যতম।
Site Admin | January 10, 2025 1:04 PM | Vikshit Bharat 2025
ভাৰত মণ্ডপমত বিকশিত ভাৰত যুৱ নেতা আলোচনা ২০২৫ আৰম্ভ
