ডাউনলোড
মোবাইল এপ

android apple
signal

January 21, 2025 11:01 AM | JANMAN Programme

printer

ভাৰত মণ্ডপমত প্ৰধানমন্ত্ৰী জনমন কাৰ্যসূচী সন্দৰ্ভত জিলা ন্যায়াধীশৰ ৰাষ্ট্ৰীয় সন্মিলন

কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত প্ৰধানমন্ত্ৰী জনমন কাৰ্যসূচী সন্দৰ্ভত জিলা ন্যায়াধীশসকলৰ এখন ৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰিছে। কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰাম আৰু বিভাগটোৰ ৰাজ্যিক মন্ত্ৰী দুর্গা দাস উইকেও এই সন্মিলনত ভাগ ল’ব। এই সন্মিলনত প্রধানমন্ত্রী জনমন অভিযানৰ অধীনত গ্ৰামাঞ্চলৰ গৃহ আৰু পথ উন্নয়ন, বিদ্যালয়সমূহৰ ছাত্ৰাৱাস, খোৱাপানী, অংগনৱাড়ী কেন্দ্ৰসমূহৰ কাম-কাজৰ লগতে বহুমুখী কেন্দ্ৰসমূহৰ কাৰ্যকৰিতা- এই ছটা মূল বিষয়ক লৈ আলোচনা কৰা হ’ব। যিসমূহ জিলাত উন্নয়নৰ যথেষ্ট থল আছে সেইসমূহ জিলাৰ বিকাশৰ পথ সুগম কৰাই এই সন্মিলনৰ মূল উদ্দেশ্য। এই অভিযানৰ অধীনত কাম-কাজসমূহ আৰু অধিক ক্ষিপ্ৰতাৰে কেনেদৰে সম্পন্ন কৰিব পৰা যায় সেই বিষয় সন্দৰ্ভতো আলোচনা কৰা হ’ব। জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ে জনাইছে যে ১৮ খন ৰাজ্যৰ মুঠ ৮৮ খন জিলাক সামৰি লোৱা হ’ব। এই সন্মিলনৰ জৰিয়তে মন্ত্ৰ্যালয়ে তৃণমূল পর্যায় আৰু নীতিসমূহৰ মাজৰ থকা ব্যৱধান দূৰ কৰাৰ লগতে প্রধানমন্ত্ৰী জনমন অভিযানক অধিক ক্ষীপ্ৰ কৰি তোলা আৰু অংশগ্ৰহণকাৰী ৰাজ্যসমূহৰ সকলো জনসাধাৰণে যাতে এই অভিযানৰ দ্বাৰা লাভান্বিত হ’ব পাৰে সেইতো সুনিশ্চিত কৰাৰ প্ৰয়াস কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক