প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অষ্টলক্ষ্মী মহোৎসৱ মুকলি কৰিব। তিনিদিনীয়াকৈ হ’বলগীয়া এই মহোৎসৱত উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ সংস্কৃতি, চহকী বস্ত্ৰশিল্প, শিল্পকলা আৰু পৰ্যটনৰ প্ৰদৰ্শন কৰা হ’ব। অষ্টলক্ষ্মীৰূপে পৰিচিত উত্তৰ-পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিক্কিম আৰু ত্ৰিপুৰাই দেশৰ সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। এই মহোৎসৱত ২৫০ গৰাকীতকৈ অধিক শিল্পীয়ে হস্তশিল্প, বস্ত্ৰ আৰু কৃষি তথা উদ্যান শস্যৰ জি আই টেগ লাভ কৰা ৩৪ বিধ সা-সামগ্ৰীকে ধৰি বিভিন্ন সামগ্ৰী প্ৰদৰ্শন কৰিব। এই অনুস্থানৰ সৈতে সংগতি ৰাখি ফেশ্বন শ্ব’, ক্রেতা-বিক্ৰেতাৰ সন্মিলন আদিৰো আয়োজন কৰা হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ ৩২০ গৰাকী কৃষক আৰু শিল্পীৰ সা-সামগ্রী প্রদর্শন হ’বলগীয়া গ্রাম্য হাট বজাৰ এই মহোৎসৱৰ বিশেষ আকর্ষণ। উল্লেখযোগ্য যে এই মহোৎসৱে উত্তৰ-পূৰ্বাঞ্চলৰ শিল্পী, উদ্যোগীসকলক নতুন সুযোগ প্ৰদান কৰিব।
Site Admin | December 6, 2024 10:27 AM | ashtalakshmi bharat mandapam | PMO India