July 20, 2024 6:08 PM | India Govt.

printer

ভাৰত মণ্ডপমত কাইলৈ বিশ্ব ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক অধিৱেশন আৰম্ভ

নতুন দিল্লীৰ ভাৰত মণ্ডপমত কাইলৈ বিশ্ব ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক অধিৱেশন আৰম্ভ হ’ব। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই অধিৱেশন উদ্বোধন কৰিব। অধিৱেশনৰ ৩১ জুলাইত সামৰণি পৰিব। ভাৰতে প্ৰথমবাৰৰ বাবে এই অধিৱেশনৰ আয়োজন কৰিছে। অনুষ্ঠানত ইউনেস্ক’ৰ ৰ সঞ্চালক প্রধান মেডাম অড্রে আজৌলে আৰু ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য সচিবালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে বিভিন্ন দেশৰ সাংস্কৃতিক মন্ত্ৰী, ৰাষ্ট্ৰদূতকে ধৰি অন্যান্য ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰিব। অধিৱেশনৰ পূৰ্বে এখন সংবাদমেলত কেন্দ্রীয় সাংস্কৃতিক আৰু পৰ্যটন মন্ত্রী গজেন্দ্ৰ সিং শ্বেখাৱটে কয় যে নৰেন্দ্ৰ মোডী চৰকাৰৰ তৃতীয়টো কাৰ্যকালত এইয়া হৈছে ভাৰতত হবলগীয়া প্ৰথমটো বৃহত কাৰ্যসূচী। তেওঁ লগতে কয় যে, এই অধিৱেশনত ভাৰতৰ বৈচিত্ৰ আৰু অনন্য সাংস্কৃতিক তথা প্রাকৃতিক ঐতিহ্যক বিশ্বৰ সন্মুখত প্ৰদৰ্শন কৰা হ’ব। ভাৰত ২০২১ চনৰ ২৩ সংখ্যক সাধাৰণ পৰিষদত ২০২১ৰ পৰা ২০২৫ চনলৈকে চাৰি বছৰৰ বাবে ২১ জনীয়া বিশ্ব ঐতিহ্য সমিতিলৈ নিৰ্বাচিত হৈছিল। ভাৰতে ইতিমধ্যে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত ৪২টা ক্ষেত্ৰ সন্নিবিষ্ট কৰিছে।

অধিক পঢ়ক

সকলো চাওক