ভাৰত মণ্ডপমত এছিয়া প্রশান্ত মহাসাগৰীয় অঞ্চলৰ দ্বিতীয়খন মন্ত্রী সন্মিলনত প্রধানমন্ত্ৰী মোদীয়ে অংশগ্রহণ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অসামৰিক বিমান পৰিবহণ সম্পৰ্কীয় এছিয়া প্রশান্ত মহাসাগৰীয় অঞ্চলৰ দ্বিতীয়খন মন্ত্রী সন্মিলনত অংশগ্রহণ কৰিব। সন্মিলনত প্রধানমন্ত্ৰীয়ে সকলো সদস্য ৰাষ্ট্ৰই ‘দিল্লী ঘোষণা’ গ্রহণ কৰাৰ কথা ঘোষণা কৰিব। দিল্লী ঘোষণাই অঞ্চলটোৰ বিমান পৰিবহণ খণ্ডক নতুন শিখৰলৈ উন্নীত কৰাৰ এক দূৰদৰ্শী পৰিকল্পনা হিচাপে কাম কৰিব বুলি আশা কৰা হৈছে।
নতুন দিল্লীত কালি অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে এই মন্ত্রী সন্মিলনখন উদ্বোধন কৰে। মন্ত্ৰীগৰাকীক এই সন্মিলনৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হয়। তেওঁ ২০৩৫ চনৰ ভিতৰত ৩৫০ কোটি যাত্রীয়ে বছৰে যাত্ৰা কৰিব পৰাকৈ এছিয়া প্রশান্ত মহাসাগৰীয় অঞ্চলৰ বিমানৰ আন্তঃগাঁথনিত কৌশলগত বিনিয়োগৰ আহ্বান জনায়। ভাৰতে ২০২৫ চনৰ ভিতৰত বিমানৰ সৈতে জড়িত ক্ষেত্ৰসমূহত মহিলাৰ অংশগ্রহণ ২৫ শতাংশলৈ বৃদ্ধি কৰাৰ লক্ষ্য ৰাখিছে বুলি উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক