নেপালৰ সেনাবাহিনীৰ মুৰব্বী জেনেৰেল অশোক ৰাজ ছিগডেল ভাৰত ভ্ৰমণৰ আনুষ্ঠানিক সামৰণি মাৰি কাঠমাণ্ডুলৈ উভতি গৈছে। যোৱা বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে জেনেৰেল ছিগডেলক ভাৰতীয় সেনাৰ সন্মানীয় জেনেৰেলৰ পদবী প্ৰদান কৰে৷ ভাৰত ভ্ৰমণৰ সময়ত চিগডেলে ডেৰাডুনৰ ভাৰতীয় সামৰিক একাডেমীত অফিচাৰ কেডেটৰ দীক্ষান্ত পেৰেডত পৰ্যবেক্ষণকাৰী বিষয়া হিচাপে অংশগ্ৰহণ কৰে৷ একাডেমীত প্রশিক্ষণ লৈ থকা ৩৫ জন বিদেশী বিষয়া কেডেটৰ ভিতৰত নেপালৰ সেনাবাহিনীৰ বিষয়া, কেডেট প্রবীণ পাণ্ডেক “শ্রেষ্ঠ বিদেশী বিষয়া কেডেট বঁটা” প্ৰদান কৰা হয়৷ নেপালৰ সেনাবয়ৰ মুৰব্বী ছিগদেলে, নতুনকৈ সেনাবাহিনীৰ প্রশিক্ষণ সম্পূৰ্ণ কৰা বিষয়া আৰু তেওঁলোকৰ গৌৰৱান্বিত অভিভাৱকসকলক অভিনন্দন জনোৱাৰ লগতে, তেওঁলোকক সেনাবাহিনীৰ সৰ্বোচ্চ পৰম্পৰা আৰু নীতিসমূহ ৰক্ষা কৰি দৃষ্টান্ত সৃষ্টিকাৰী নেতা হোৱাৰ প্ৰয়াস চলাবলৈ আহ্বান জনায়। জেনেৰেল অশোকে ভাৰতীয় সামৰিক একাডেমিৰ যুদ্ধ স্মাৰকত বীৰ সেনানীসকলৰ প্ৰতি শ্ৰদ্ধা জনাই মাল্যাৰ্পন কৰে। শ্রী ছিগদেলে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু প্ৰতিৰক্ষা বাহিনীৰ মুৰব্বী অনিল চৌহান,সেনাবাহিনীৰ মুৰব্বী উপেন্দ্ৰ দ্বিবেদীৰ উপৰি প্ৰতিৰক্ষা আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়য়ৰ শীৰ্ষ বিষয়াৰ সৈতে টেলিফোনযোগে পৃথকে পৃথকে সৌজন্যসূচক ভাৱ বিনিময় কৰে।
Site Admin | December 16, 2024 7:37 PM | Nepal Army Chief
ভাৰত ভ্ৰমণৰত নেপালৰ সেনাবাহিনীৰ মুৰব্বী জেনেৰেল কাঠমাণ্ডুলৈ ৰাওনা
