প্রতিবেশী ৰাষ্ট্ৰ ভূটানৰ সৈতে পাৰস্পৰিক সম্পৰ্ক শক্তিশালী কৰাৰ অংশ হিচাপে কাইলৈ দৰঙাত আব্ৰজন তালাচী চকী মুকলি কৰা হ’ব। দুয়োখন ৰাষ্ট্ৰৰ মাজত আন্তঃসম্পৰ্ক শক্তিশালী কৰাৰ অংশ হিচাপে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ভূটান সীমান্তৰ পৰা ৭০০ মিটাৰ নিলগত অৱস্থিত এই ভূবন্দৰটোৱে দুয়োখন ৰাষ্ট্ৰৰ মাজত সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। এই অনুষ্ঠানত অসমৰ ৰাজ্যপাল লক্ষ্মন প্ৰসাদ আচাৰ্য্য আৰু ভূটানৰ প্ৰধানমন্ত্ৰী দাসো চেৰিং টবগে মুখ্য অতিতি হিচাপে উপস্থিত থকাৰ কথা। দৰঙাত আব্ৰজন তালাচী চকী মুকলিৰ বাবে দুয়োখন ৰাষ্ট্ৰই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে।
Site Admin | November 6, 2024 1:17 PM | India | india-bhutan-relations | Indo-Bhutan
ভাৰত-ভূটানৰ পাৰস্পৰিক সম্পৰ্ক শক্তিশালী কৰাৰ অংশ হিচাপে কাইলৈ দৰঙাত আব্ৰজন তালাচী চকী মুকলি কৰা হ’ব
