বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ভাৰত বৰ্তমান ইতিহাসৰ জটিল সন্ধিক্ষণত উপস্থিত হৈছে। মধ্য প্ৰদেশৰ খাৰগনেত এখন জনসভাত ভাষণ দি শ্রী মোদীয়ে কয় যে আই এন ডি আই জোঁটে তেওঁলোকৰ বংশানুক্রমিকতা অব্যাহত ৰখাৰ বাবেহে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। বিৰোধী মৰ্চাৰ নেতাসকলে দেশ আৰু জনসাধাৰণৰ প্ৰতি থাকিবলগীয়া আগ্ৰহ হেৰুৱাই পেলাইছে বুলিও প্রধানমন্ত্রীয়ে প্ৰকাশ কৰে। ভাষণ প্ৰসংগত শ্ৰী মোদীয়ে এন ডি এ চৰকাৰে যোৱা ১০ বছৰত সমাজৰ দুৰ্বল শ্ৰেণী, জনজাতি, কৃষক আৰু মহিলাসকলৰ বাবে গ্রহণ কৰা বিভিন্ন জনকল্যাণমূলক আঁচনিত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ ধাৰ জিলাৰ পি জি কলেজ খেল পথাৰত অনুষ্ঠিত আন এখন জনসভাত ভাষণ প্ৰসংগত কংগ্ৰেছক সমালোচনা কৰে। ৪০০ খন আসনত জয়লাভ কৰিলে বিজেপিয়ে সংবিধান সলনি কৰিব বুলি কংগ্ৰেছে উৰাবাতৰি প্ৰচাৰ কৰাৰ বিষয়ে প্রধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। জনজাতীয় যুৱচামৰ প্ৰতিভাৰ উমান পাই বিজেপিয়ে জনজাতীয় অঞ্চলসমূহত একলব্য বিদ্যালয় স্থাপন সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা বুলি তেওঁ উল্লেখ কৰে।
Site Admin | May 7, 2024 9:10 PM | PM Modi Campaign