ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কৈছে যে, ভাৰতে বিবিধতা আৰু বহুত্ববাদৰ সৈতে এখন ৰাষ্ট্ৰ হিচাপে ঐক্যবদ্ধভাৱে আগবাঢ়িছে। তেওঁ কয় যে, আমি তথা কথিত সামাজিক বিন্যাসক লৈ মতানৈক্য সৃষ্টি কৰিব পৰা প্রবৃত্তিসমূহ প্রত্যাখ্যান কৰা উচিত। স্বাধীনতা দিৱসৰ প্ৰাকসন্ধিয়া কালি ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, দেশৰ সমাজ জীৱনৰ প্ৰতিটো দিশতে অন্তৰ্ভুক্তিৰ ভাৱনা বিয়পি আছে। অন্তৰ্ভুক্তিৰ আহিলা হিচাপে ইতিবাচক কার্যত গুৰুত্ব আৰোপ কৰা উচিত বুলি তেওঁ মন্তব্য কৰে। সংবিধান প্রণেতা ড০ বি আৰ আম্বেদকাৰৰ উদ্ধৃতিৰে ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, সামাজিক গণতন্ত্র অবিহনে ৰাজনৈতিক গণতন্ত্র দীৰ্ঘস্থায়ী হব নোৱাৰে। তেওঁ কয় যে, চৰকাৰে সামাজিক ন্যায়ত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে আৰু চৰকাৰে অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু সমাজৰ অন্য উপান্ত শ্ৰেণীসমূহৰ বাবে ভালেমান কল্যাণমূলক উদ্যম গ্ৰহণ কৰিছে। এই প্ৰসংগত ৰাষ্ট্ৰপতিয়ে প্রধানমন্ত্রী সামাজিক উত্থান এবং ৰোজগাৰ আধাৰিত জনকল্যাণ আঁচনি প্ৰধানমন্ত্ৰী সু-ৰাজ আৰু প্ৰধানমন্ত্রী জনজাতি আদিবাসী ন্যায় মহাভিযানৰ কথা উল্লেখ কৰে। শ্ৰীমতী মুৰ্মুৱে কয় যে, ভাৰতবৰ্ষ ৮ শতাংশৰ বাৰ্ষিক গড় বিকাশ হাৰেৰে বিশ্বত সবাতোকৈ দ্রুত বিকাশশীল গুৰুত্বপূৰ্ণ অৰ্থব্যৱস্থাসমূহৰ অন্যতম হৈ উঠিছে। তেওঁ কয় যে, ইয়াৰ ফলত অকল জনসাধাৰণৰ হাতলৈ অধিক ধন অহাই নহয় বৰং দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা লোকৰ সংখ্যাও চকুত লগা ধৰণে হ্ৰাস পাইছে। ভাৰত বিশ্বৰ পঞ্চম সর্ববৃহৎ অর্থব্যৱস্থা হিচাপে পৰিণত হোৱা বুলি উল্লেখ কৰি শ্ৰীমতী মুৰ্মুৱে অনাগত সময়ত দেশ বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থব্যৱস্থা হ’ব বুলি আস্থা প্ৰকাশ কৰে। খেতিয়ক আৰু শ্ৰমিকসকলৰ কঠোৰ শ্ৰম আৰু নীতি প্ৰণেতাসকলৰ দূৰদৰ্শিতাৰ বাবে এয়া সম্ভৱ হৈ উঠিছে বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে, চৰকাৰে চলিত বৰ্ষৰ জুলাইৰ পৰা ভাৰতীয় ন্যায় সংহিতা প্রণয়ন কৰি ঔপনিবেশিক শাসনকালৰ আৰু এটা চিহ্ন নাইকীয়া কৰিছে। ৰাষ্ট্ৰপতি মুমুৱে নিজৰ ভাষণত এইবছৰ অনুষ্ঠিত সাধাৰণ নিৰ্বাচনক সৰ্ববৃহৎ নির্বাচনী প্ৰক্ৰিয়া বুলি অভিহিত কৰে। তেওঁ লগতে ত্রুটিবিহীন আৰু সূচাৰুৰূপে নির্বাচন অনুষ্ঠিত কৰাৰ বাবে নির্বাচন আয়োগক অভিনন্দন জনায়। বিভাজন বিভিষিকা স্মৃতি দিৱস পালন কৰাৰ কথা উল্লেখ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, এই দিৱসে আমাক দেশ বিভাজনৰ ভয়াবহতাৰ কথা সোঁৱৰাই দিয়ে। তেওঁ সংবিধান দিৱস পালনৰ কথা উল্লেখ কৰি কয় যে, সংবিধানত উল্লেখিত ন্যায়, ক্ষমতা, স্বতন্ত্ৰতা আৰু সম্প্ৰীতিৰ আদৰ্শৰাজি মানি চলি চৰকাৰে দেশক বিশ্ব মঞ্চত শক্তিশালী স্থিতিত উপনীত কৰাৰ বাবে প্ৰয়াস কৰি আছে। ৰাষ্ট্ৰপতিগৰাকীয়ে লিংগ ন্যায় আৰু জলবায়ু ন্যায়ৰ ওপৰত গুৰুত্ব আৰোপ কৰে। চৰকাৰে মহিলাৰ কল্যাণ আৰু মহিলাৰ সবলীকৰণত সমানে গুৰুত্ব আৰোপ কৰাৰ বিষয় লৈ শ্ৰীমতী মুৰ্মুৱে আনন্দ প্ৰকাশ কৰে। তেওঁ কয় যে, বিগত দশকত এই উদ্দেশ্যৰ বাবে আৱণ্টিত ধন ৩ গুণৰো অধিক হৈছে। মহিলাসকলক কেন্দ্ৰত ৰাখি ভালেমান বিশেষ চৰকাৰী আঁচনি যুগুতাই উলিওৱা হৈছে বুলি তেওঁ মন্তব্য কৰ। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, প্ৰকৃত মহিলা সবলীকৰণ সুনিশ্চিত কৰাৰ উদ্দেশ্যে নাৰী শক্তি বন্দন অধিনিয়ম প্ৰণয়ন কৰা হৈছে। জলবায়ু পৰিৱৰ্তন সন্দৰ্ভত মত প্ৰকাশ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, সম্প্ৰতি ই এটা বাস্তৱিকতাত পৰিণত হৈছে। ভাৰতে গোলকীয় উষ্ণতাৰ বিৰূপ প্ৰভাৱৰ পৰা পৃথিৱীক ৰক্ষা কৰাৰ বাবে মানৱ জাতিয়ে চলোৱা প্ৰচেষ্টাত অগ্রণী ভূমিকা পালন কৰি আহিছে বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। তেওঁ সকলোকে নিজৰ নিজৰ জীৱনশৈলীত ক্ষুদ্ৰ অথচ ফলপ্রসূ পৰিৱৰ্তন আনি জলবায়ু পৰিৱৰ্তনৰ সন্মুখীন হোৱাৰ ক্ষেত্ৰত অৱদান আগবঢ়াবলৈ আহ্বান জনায়।
Site Admin | August 15, 2024 11:25 AM | President Droupadi Murmu to address the nation on eve of Independence Day