ভাৰত-বাংলাদেশ সীমান্ত ভ্ৰমণ কৰি কেইবাখনো চুইছ গেট পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

অসম চৰকাৰৰ জলসম্পদ আৰু তথ্য-জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি কাছাৰ জিলাৰ কাতিগড়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ভাৰত বাংলাদেশ সীমান্ত ভ্ৰমণ কৰি কেইবাখনো চুইছ গেট পৰিদৰ্শন কৰে। সমষ্টিটোত সীমান্ত পথ সংস্থাই নিৰ্মাণ কৰা ৬ খন চুইছ গেট জলসম্পদ বিভাগে ২০২২ চনৰ পৰা পৰিচালনা কৰি আহিছে। আজি মন্ত্ৰীগৰাকীয়ে বলেশ্বৰ আৰু ফইস্কা চুইচগেট পৰিদৰ্শন কৰি বিভাগীয় অভিযন্তা আৰু স্থানীয় নিৱাসীৰ পৰা গেটকেইখনৰ কাৰ্য ব্যৱস্থাৰ বিষয়ে বুজ লয়।

Image

চুইচগেট কেইখনৰ ৪০ খন শ্বাটাৰৰ ৩৩ খন বৰ্তমান কাৰ্যক্ষম হৈ থকা বুলি জানিবলৈ পোৱা গৈছে। বিসংগতিপূৰ্ণ ৭ খন শ্বাটাৰৰ মেৰামতিৰ ব্যৱস্থা বাৰিষাৰ পাছতে সম্পন্ন কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে স্থানীয় ৰাইজক জানিবলৈ দিয়ে। ইয়াৰ লগতে মন্ত্ৰীগৰাকীয়ে সমষ্টিটোৰ ছয়োখন চুইচগেট নিয়মীয়াকৈ চোৱাচিতা কৰিবলৈ স্থানীয় ৰাইজৰ ৬ খন কমিটি গঠন কৰি দিব বুলি ঘোষণা কৰে।

Image

কমিটিসমূহক ইছগেট চোৱাচিতা কৰাৰ বাবে বাৰ্ষিক ২৫ ৰ পৰা ৫০ হাজাৰ টকাকৈ পুঁজি যোগান ধৰা হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। জলসম্পদ মন্ত্ৰীগৰাকীয়ে পাছত জিলাখনৰ বৰখোলাত উপস্থিত হৈ জাতিঙ্গা নৈৰ খহনীয়া পৰিদৰ্শন কৰে। খহনীয়া ৰোধৰ বাবে মন্ত্ৰী শ্ৰীহাজৰিকাই প্ৰয়োজনীয় কাৰ্যপন্থা গ্ৰহণ কৰিবলৈ বিভাগীয় অভিযন্তাক নির্দেশ দিয়ে।

অধিক পঢ়ক

সকলো চাওক