শ্রীভূমি জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ ফুলবাৰীত আজি বাংলাদেশী লোকক অবৈধভাবে ভাৰতত প্ৰৱেশ কৰোৱাৰ অভিযোগত আটক কৰা এজন যুৱক আৰক্ষীৰ গুলিত আহত হয়। আমাৰ শ্ৰীভূমিৰ সংবাদদাতাই জনোৱা মতে, উত্তৰ ত্ৰিপুৰা জিলাৰ বাসিন্দা যুৱৰাজ নামৰ এই যুৱকজনক কালি আৰক্ষীয়ে কৰিমগঞ্জ ৰেলৱে ষ্টেছনৰ সমীপত গ্ৰেপ্তাৰ কৰিছিল। ধৃত যুৱকজনক আজি ফুলবাৰীৰ আন্তৰ্জাতিক সীমান্তৰ ওচৰলৈ অপৰাধৰ স্থান নিৰূপনৰ বাবে আৰক্ষীয়ে লৈ যোৱাৰ সময়ত তেওঁ পলাবলৈ চেষ্টা কৰোতে আৰক্ষীয়ে গুলিচালনা কৰাৰ ফলত আটকাধীন যুৱকজনৰ ভৰিত গুলি লাগে।
Site Admin | January 11, 2025 8:52 PM | Bangladeshi | India Border
ভাৰত-বাংলাদেশ সীমান্তৰ ফুলবাৰীত বাংলাদেশী লোকক অবৈধভাবে ভাৰতত প্ৰৱেশ কৰোৱাৰ অভিযোগত আটক কৰা এজন যুৱক আৰক্ষীৰ গুলিত আহত
