ডাউনলোড
মোবাইল এপ

android apple
signal

February 6, 2025 5:37 PM | BSF Order

printer

ভাৰত-বাংলাদেশ সীমান্তত অবৈধ নিৰ্মাণ কাৰ্যৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ কমাণ্ডাৰক বি এছ এফৰ নিৰ্দেশ

সীমান্ত সুৰক্ষা বাহিনী চমুকৈ বি এছ এফে ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ৪,০৯৬ কিলোমিটাৰজোৰা এলেকাত অবৈধ নিৰ্মাণ কাৰ্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ অঞ্চলটোত নিয়োজিত ছেক্টৰ কমাণ্ডাৰসকলক নিৰ্দেশ দিছে। বাহিনীটোৱে সেই অঞ্চলৰ বাসিন্দা নাইবা প্ৰতিবেশী ৰাষ্ট্ৰৰ সীমান্ত সুৰক্ষা বাহিনীয়ে কৰা এনে নিৰ্মাণৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা ল’বলৈও নির্দেশ দিছে। উল্লেখযোগ্য যে যোৱা বছৰটোত সীমান্ত অঞ্চলত এনে ৮০টা অবৈধ নিৰ্মাণৰ ঘটনা পোহৰলৈ আহিছিল। বাহিনীটোৰ শিলিগুৰিত থকা নৰ্থ বেংগল ফ্রণ্টিয়াৰৰ সূত্ৰই প্ৰকাশ কৰা মতে এনে নির্মাণ ক্রমান্বয়ে বৃদ্ধি পাইছে। বি এছ এফে কালি জাৰি কৰা এটা বিবৃতি অনুসৰি অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত বাংলাদেশী দুষ্কৃতিকাৰীয়ে ভাৰতৰ সীমান্ত অঞ্চলৰ দক্ষিণ দিনাজপুৰ জিলাৰ মালিকপুৰত যোৱা নিশা প্ৰৱেশ কৰি সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানৰ ওপৰত আক্ৰমণৰ চেষ্টা চলায়। ইয়াৰ ফলত এজন জোৱান আহত হোৱাৰ লগতে এজন বাংলাদেশী নাগৰিক আহত হয়। এই দুষ্কৃতিকাৰীকেইজনে ভাৰতত মাদকদ্ৰব্যৰ চোৰাং সৰবৰাহ আৰু ডকাইতিৰ অভিসন্ধিৰে প্ৰৱেশ কৰা বুলি বাহিনীটোৰ সূত্ৰই প্ৰকাশ কৰে। এই লোকসকলে বি এছ এফৰ জোৱানৰ অস্ত্ৰ-শস্ত্ৰ কাঢ়ি নিয়াৰো চেষ্টা চলাইছিল যদিও সফল নহ’ল বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত বাহিনীটোৰ অসম আৰু ত্ৰিপুৰা ফ্ৰণ্টিয়াৰকে ধৰি সকলো সীমান্ত সুৰক্ষা গোটকে বাংলাদেশ সীমান্তত কঠোৰ সতৰ্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

অধিক পঢ়ক

সকলো চাওক