১৯৭১ চনৰ মুক্তিযুদ্ধৰ ৫৩ সংখ্যক বাৰ্ষিকী উপলক্ষে ভাৰত আৰু বাংলাদেশৰ সেনাবাহিনীয়ে আজিৰ দিনটো বিজয় দিৱস হিচাপে উদযাপন কৰিছে। বাংলাদেশত থকা ভাৰতৰ উচ্চায়োগে প্ৰকাশ কৰা এটা প্ৰেছ বিবৃতি অনুসৰি দুয়োখন দেশৰ মাজৰ দীৰ্ঘদিনীয়া বন্ধুত্ব আৰু সমন্বয়ৰ প্ৰতীক হিচাপে আজি ত্ৰিপুৰাৰ আগৰতলা আখৌৰা সীমান্তত উভয় দেশৰ সেনা বাহিনীয়ে শুভেচ্ছা বিনিময় কৰে। বিজয় দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশখনৰ স্বাধীনতাৰ হকে যুঁজি প্ৰাণ আহুতি দিয়া ভাৰতীয় সৈনিকসকলৰ স্মৃতিত গভীৰ শ্ৰদ্ধা তৰ্পণ কৰে। এটা বাৰ্তাত প্রধানমন্ত্রীয়ে এই মহান সৈনিকসকলৰ আত্মবলিদান দেশৰ বুৰঞ্জীত সোণালী আখৰেৰে লিখা হৈছে বুলি উল্লেখ কৰে আৰু তেওঁলোকৰ মহান ত্যাগে পৰৱৰ্তী প্ৰজন্মক সদায়েই উৎসাহিত কৰি যাব বুলি মন্তব্য কৰে। কাৰ্গিলৰ যুদ্ধ স্মাৰকত আজি বিজয় দিৱস উপলক্ষে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হয়। অসমতো আজি বিজয় দিৱস উপলক্ষে সেনাবাহিনীয়ে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰে। চুবুৰীয়া ৰাজ্য নাগালেওতো আজি বিজয় দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। অনুষ্ঠানত অংশ লৈ ৰাজ্যপাল লা গণেশনে প্ৰতিগৰাকী ব্যক্তিকে একতা, সাহস আৰু ত্যাগৰ প্ৰমূল্যৰে সংকল্পবদ্ধ হ’বলৈ আহ্বান জনায়। দেশৰ সাৰ্বভৌমত্ব ৰক্ষাৰ ক্ষেত্ৰত সেনা বাহিনীৰ ভূমিকাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাৰ বাবে এই দিৱস পালন কৰা হয়।
Site Admin | December 16, 2024 7:56 PM | VIJAY DIWAS