ভাৰত পর্যাপ্ত খাদ্য-সামগ্রী থকা দেশ আৰু দেশখনে গোলকীয় খাদ্য-সুৰক্ষা তথা পুষ্টিকৰণ সুৰক্ষাৰ ক্ষেত্ৰত সমাধান সূত্ৰ আগবঢ়াবলৈ সমৰ্থ হৈছেঃ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ভাৰত পর্যাপ্ত খাদ্য-সামগ্রী থকা দেশ আৰু দেশখনে গোলকীয় খাদ্য-সুৰক্ষা তথা পুষ্টিকৰণ সুৰক্ষাৰ ক্ষেত্ৰত সমাধান সূত্ৰ আগবঢ়াবলৈ সমৰ্থ হৈছে। তেওঁ কয় যে, বহু সংস্কাৰ সাধনেৰে চৰকাৰে কৃষি খণ্ডক সবল কৰি তোলাৰ জৰিয়তে কৃষকসকলৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। নতুন দিল্লীত অনুষ্ঠিত ৩২ সংখ্যক আন্তর্জাতিক কৃষি অর্থনীতিবিদ সমাৰোহত ভাষণ দি আজি প্রধানমন্ত্ৰীয়ে এইদৰে কয়। কৃষিক চৰকাৰৰ অৰ্থনৈতিক নীতিৰ কেন্দ্ৰবিন্দু বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে, ভাৰত মিলেট, গাখীৰ, দাইল আৰু মচলাৰ বিশ্বৰ সৰ্ববৃহৎ উৎপাদনকাৰী দেশ।
প্রধানমন্ত্ৰীয়ে কয় যে, ভাৰতে ৰাসায়নিক দ্রব্য মুক্ত প্রাকৃতিক কৃষিত গুৰুত্ব দি আহিছে। শেহতীয়া কেন্দ্রীয় বাজেটত বহনক্ষম কৃষিত বিশেষ আলোকপাত কৰা হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, চৰকাৰে বিগত ১০ বছৰত পৰিৱেশ অনুকূল এহেজাৰ ৯০০ নতুন প্ৰকাৰৰ শস্যৰ খেতি কৰাত কৃষকক উৎসাহিত কৰি আহিছে। তেওঁ কয় যে, ভাৰতে কৃষি খণ্ডত ডিজিটীয় প্ৰযুক্তি ব্যৱহাৰ কৰিছে আৰু প্ৰধানমন্ত্ৰী কিষাণ সম্মান নিধিৰ অধীনত দেশৰ ১০ কোটি কৃষকৰ বেংক একাউণ্টলৈ পুঁজি হস্তান্তৰ কৰিছে৷ প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ কৃষি গৱেষণা আৰু শিক্ষাৰ বলিষ্ঠ ব্যৱস্থাৰ কথা উনুকীয়াই দিয়ে। তেওঁ কয় যে, দেশত বৰ্তমান কৃষি শিক্ষণৰ বাবে ৫০০ ৰো অধিক কৃষি মহাবিদ্যালয় আৰু ৭০০ৰো অধিক কৃষি বিজ্ঞান কেন্দ্র আছে। এই শিক্ষা প্রতিষ্ঠানসমূহৰ জৰিয়তে কৃষকসকলে নতুন প্রযুক্তি সন্দৰ্ভত তথ্যৰ যোগান ধৰা হয় বুলি শ্ৰী মোদীয়ে প্ৰকাশ কৰে। তেওঁ লগতে কয় যে বিগত ১০ বছৰত ৯০ লাখ হেক্টৰ কৃষি ভূমিক ক্ষুদ্ৰ জলসিঞ্চনৰ অধীনলৈ অনা হৈছে। কৃষি ভূমিৰ ডিজিটীয়কৰণ অভিযানত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, ইয়াৰ জৰিয়তে কৃষকক তেওঁলোকৰ কৃষি ভূমিৰ বিপৰীতে একোটা ডিজিটীয় পৰিচয়চিহ্ন দিয়া হ’ব আৰু কৃষি কাৰ্যত ড্রোণ ব্যৱহাৰক উৎসাহিত কৰাৰ বাবে ড্রোণ দিদিসকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে চৰকাৰৰ এই ব্যৱস্থাসমূহে কেৱল ভাৰতৰ কৃষকসকলকে লাভান্বিত নকৰে বৰং বিশ্বৰ খাদ্য সুৰক্ষাকো শক্তিশালী কৰি তুলিব।
আমাৰ সংবাদদাতাই জনোৱা অনুসৰি এই আন্তর্জাতিক সমাৰোহত প্রায় ৭৫ খন দেশৰ এহেজাৰ প্রতিনিধিয়ে অংশগ্ৰহণ কৰিছে। এইবাৰৰ সমাৰোহৰ বিষয়বস্তু হৈছে বহনক্ষম কৃষি খাদ্য ব্যৱস্থাৰ ৰূপান্তৰকৰণ। এই সমাৰোহত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতৰ কৃষি বিকাশৰ হাৰ বিশ্বৰ ভিতৰতে সৰ্বাধিক হৈছে। শ্ৰী চৌহানে কৃষি কাৰ্যত অত্যধিক ৰাসায়নিক সাৰ প্ৰয়োগৰ কুফলত আলোকপাত কৰি কয় যে, ৰাসায়নিক সাৰৰ প্ৰয়োগে মাটিৰ উৰ্বৰতা হ্ৰাস কৰি আনে। সেয়ে ভাৰতে বর্তমান প্রাকৃতিক কৃষিত গুৰুত্ব দিয়া বুলিও তেওঁ প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক