ভাৰত, নেপাল আৰু বাংলাদেশৰ মাজত পাৱাৰগ্ৰীডৰ জৰিয়তে নেপালৰ পৰা বাংলাদেশলৈ ৪০ মেগাৱাট বিদ্যুৎ ৰপ্তানি কৰাৰ বাবে ত্রিপাক্ষিক চুক্তিত স্বাক্ষৰ

ভাৰত, নেপাল আৰু বাংলাদেশে ভাৰতৰ পাৱাৰগ্ৰীডৰ জৰিয়তে নেপালৰ পৰা বাংলাদেশলৈ ৪০ মেগাৱাট বিদ্যুৎ ৰপ্তানি কৰাৰ বাবে ত্রিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰিছে। কালি কাঠমাণ্ডুত স্বাক্ষৰিত এই ত্রিপাক্ষিক চুক্তিৰ ফলত নেপাল প্রথম বাৰৰ বাবে বাংলাদেশক বিদ্যুৎ বিক্ৰী কৰিবলৈ সক্ষম হ’ব। ইয়াৰ আগতে নেপালে কেৱল ভাৰতলৈ বিদ্যুৎ ৰপ্তানি কৰি আহিছে। এই চুক্তিয়ে নেপালৰ বিদ্যুৎ শক্তি ভাৰতীয় ভূখণ্ডলৈ ৰপ্তানিৰ জৰিয়তে দুয়োখন দেশৰ মাজত বাণিজ্যিক আন্তঃগাঁথনি শক্তিশালী হ’ব বুলি আশা কৰা হৈছে। চুক্তি অনুসৰি ভাৰতে বাংলাদেশলৈ একে পৰিমাণৰ বিদ্যুৎ প্ৰেৰণ কৰাৰ আগতে নেপালে ৪০০ কিলোৱাট বিদ্যুৎ শক্তি ধলকেবাৰ-মুজাফৰপুৰ ট্ৰেন্সমিছন লাইনৰ জৰিয়তে ভাৰতলৈ প্ৰেৰণ কৰিব।

অধিক পঢ়ক

সকলো চাওক