ডাউনলোড
মোবাইল এপ

android apple
signal

August 9, 2024 8:38 PM | Quit India

printer

ভাৰত ত্যাগ আন্দোলনৰ আজি ৮১ সংখ্যক বাৰ্ষিকী

ভাৰত ত্যাগ আন্দোলনৰ আজি ৮১ সংখ্যক বাৰ্ষিকী। ১৯৪২ চনৰ ৯ আগষ্টত এই আন্দোলন আৰম্ভ কৰা হৈছিল। ভাৰত ত্যাগ আন্দোলনৰ বার্ষিকী উপলক্ষে প্রধানমন্ত্রী নবেন্দ্র মোদীয়ে মহাত্মা গান্ধীৰ নেতৃত্বত এই আন্দোলনত অংশ লোৱা বীৰ সেনানীসকলৰ স্মৃতিত শ্রদ্ধা তৰ্পণ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্ট যোগে প্রধানমন্ত্ৰীয়ে ভাৰতৰ স্বাধীনতা আন্দোলনত ভাৰত ত্যাগ আন্দোলনে বিশেষ ভূমিকা গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে ৷ এই আন্দোলনৰ ফলতে দেশৰ নাগৰিকসকলে সমস্বৰে এখন দুর্নীতিমুক্ত, পৰিয়ালতান্ত্ৰিক ৰাজনীতি আৰু তোষামোদৰ পৰা মুক্ত বাষ্ট্ৰ গঠনৰ বাবে মাত মাতিছে বুলি তেওঁ মন্তব্য কৰে। ইফালে, আজিৰে পৰা ১৫আগষ্ট পর্যন্ত হৰ ঘৰ তিৰংগা অভিযান আৰম্ভ হৈছে। এই অভিযানৰ অংশ হিচাপে ১৩ আগষ্টত ৰাজধানী দিল্লীত সাংসদসকলৰ ত্রিবংগ পতাকাসহ মটৰ চাইকেল সমদল উলিওৱা হ’ব। হৰ ঘৰ তিৰংগা অভিযান শুভাৰম্ভ কৰাৰ প্ৰাক্ ক্ষণত কেন্দ্রীয় সংস্কৃতি আৰু পৰ্যটন মন্ত্রী গজেন্দ্ৰ সিং শেখাৱটে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে দেশৰ নাগৰিকসকলৰ মাজত দেশপ্ৰেম আৰু ৰাষ্ট্ৰীয় গৌৰৱৰ ভাৱ পুনৰ উজ্জীৱিত কৰাৰ বাবে এই অভিযান ৰূপায়ন কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক