ভাৰত-ছিংগাপুৰৰ মাজত ৪ খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

ভাৰত আৰু ছিংগাপুৰে স্বাস্থ্য আৰু ঔষধ, শিক্ষা আৰু দক্ষতা বিকাশ, ডিজিটেল প্ৰযুক্তি আৰু ভাৰত-ছিংগাপুৰ অৰ্ধপৰিবাহী প্রণালী বিষয়ক সহযোগিতা সন্দৰ্ভত চাৰিখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। দুয়োখন দেশে লগতে উভয় দেশৰ মাজৰ সম্পৰ্কক সর্বাত্মক কৌশলগত সহযোগিতালৈ উন্নীত কৰাৰ হকে সন্মতি প্ৰকাশ কৰে। ইয়াৰ ফলত ভাৰতৰ এক্ট ইষ্ট নীতিয়ে প্ৰসাৰ লাভ কৰিব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱঙৰ মাজত আজি অনুষ্ঠিত প্রতিনিধি পৰ্যায়ৰ বৈঠকৰ পাছত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। ছিংগাপুৰত অনুষ্ঠিত এই আলোচনাৰ সময়ত দুয়োগৰাকী নেতাই দেশ দুখনৰ মাজৰ দ্বি-পাক্ষিক সম্পৰ্কৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে আৰু বিনিয়োগ বৃদ্ধিৰ হকে আহ্বান জনায়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, ভাৰতীয় অৰ্থব্যৱস্থাত প্ৰায় ১৬ হাজাৰ কোটি মার্কিন ডলাৰ বিনিয়োগেৰে ছিংগাপুৰ ভাৰতৰ বাবে এখন অগ্রণী অর্থনৈতিক সহযোগী দেশ। ভাৰতীয় অৰ্থব্যৱস্থাৰ দ্ৰুত আৰু স্থায়ী বিকাশে ছিংগাপুৰৰ প্ৰতিষ্ঠানসমূহৰ বাবে বিনিয়োগৰ অপাৰ সুযোগৰ সৃষ্টি কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। প্রধানমন্ত্রীদ্বয়ে লগতে প্ৰতিৰক্ষা আৰু নিৰাপত্তা, সামুদ্রিক সুৰক্ষা সজাগতা, শিক্ষা, কৃত্রিম বুদ্ধিমত্তা, বিত্ত প্রযুক্তি, বিজ্ঞান আৰু প্ৰযুক্তি আৰু জ্ঞানৰ সহযোগিতা আদি ক্ষেত্ৰত বৰ্তমানৰ সহযোগিতাৰ পৰ্যালোচনা কৰে। নেতা দুগৰাকীয়ে অর্থনৈতিক সহযোগিতা আৰু জনসম্পৰ্ক বৃদ্ধিৰ বাবে দেশ দুখনৰ মাজত যোগাযোগ সুদৃঢ় কৰাৰ বাবে আহ্বান জনায়। তেওঁলোকে লগতে সেউজ কৰিড’ৰ প্ৰকল্পৰ কামকাজ বৃদ্ধি কৰিবলৈ আহ্বান জনায়। প্রধানমন্ত্রীদ্বয়ে যোৱা মাহত ছিংগাপুৰত অনুষ্ঠিত ভাৰত-ছিংগাপুৰৰ মাজৰ মন্ত্ৰী পৰ্যায়ৰ দ্বিতীয়খন ঘূৰণীয়া মেজমেলৰ ফলাফল সম্পৰ্কেও আলোচনা কৰে। ২০২৫ বৰ্ষত দেশ দুখনৰ মাজত দ্বিপাক্ষিক সম্পর্ক স্থাপনৰ ৬০ সংখ্যক বার্ষিকী উদযাপনৰ বিষয়টোৱেও আলোচনাত স্থান লাভ কৰে। নেতা দুগৰাকীয়ে ভাৰত আছিয়ান সম্পৰ্ক আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ বাবে ভাৰতৰ দৃষ্টিভংগীকে ধৰি পাৰস্পৰিক স্বার্থজড়িত গুৰুত্বপূৰ্ণ আঞ্চলিক আৰু গোলকীয় বিষয় লৈ মত-বিনিময় কৰে।
প্রধানমন্ত্ৰী মোদীয়ে তেওঁৰ মন্তব্যত কয় যে ছিংগাপুৰ অকল এখন সহযোগী ৰাষ্ট্ৰই নহয় বৰং প্ৰতিখন উন্নয়নশীল দেশৰ বাবে অনুপ্ৰেৰণাৰ উৎস স্বৰূপ। তেওঁ কয় যে, দুয়োখন দেশৰ মাজৰ মন্ত্ৰী পৰ্যায়ৰ ঘূৰণীয়া মেজমেল যুগান্তকাৰী ব্যৱস্থাৰূপে পৰিগণিত হৈছে। ছিংগাপুৰত বাস কৰা ভাৰতীয় মূলৰ চাৰে ৩ লাখ লোকে দুয়ো দেশৰ মাজৰ সম্পৰ্কৰ শক্তিশালী ভেটিৰূপে কাম কৰি আহিছে বুলি তেওঁ উল্লেখ কৰে। পাছত প্ৰধানমন্ত্ৰী মোদী আৰু শ্ৰীৱঙে ছিংগাপুৰৰ অৰ্ধপৰিবাহী আৰু বৈদ্যুতিন খণ্ডৰ আগশাৰীৰ কোম্পানী এ ই এম হ’ল্ডিংছ লিমিটেড পৰিদৰ্শন কৰে। তেওঁলোকক পৰিদৰ্শন কালত গোলকীয় অর্ধপৰিবাহী মূল্য শৃংখলাত এ ই এমৰ ভূমিকা, কামকাজ আৰু ভাৰতৰ বাবে কোম্পানীটোৰ পৰিকল্পনা সম্পৰ্কে অৱগত কৰোৱা হয়। প্রধানমন্ত্রী মোদীয়ে লগতে চলিত মাহত গ্ৰেটাৰ নয়দাত আয়োজিত ‘ছেমিকন ইণ্ডিয়া” শীর্ষক প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিবলৈ ছিংগাপুৰৰ অৰ্ধপৰিবাহী কোম্পানীসমূহক আমন্ত্রণ জনায়। পৰিদৰ্শন কালত প্রধানমন্ত্রী দুগৰাকীয়ে ছিংগাপুৰত প্ৰশিক্ষাৰ্থী হিচাপে কৰ্মৰত ওড়িশাৰ দক্ষতা কেন্দ্ৰৰ প্ৰশিক্ষাৰ্থীসকলৰ লগতে পূৰ্বতে চি আই আই-এণ্টাৰপ্ৰাইজ ছিংগাপুৰ ইণ্ডিয়া ৰেডি টেলেণ্ট কাৰ্যসূচীৰ অধীনত ভাৰতলৈ অহা ছিংগাপুৰৰ প্ৰশিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থৰমন ছন্মগৰত্নমক সাক্ষাৎ কৰে। আলোচনা কালত শ্ৰী মোদীয়ে দুয়োখন দেশৰ মাজৰ সহযোগিতাৰ প্ৰতি আগবঢ়োৱা সমর্থনৰ বাবে ৰাষ্ট্ৰপতিগৰাকীক ধন্যবাদ জনায়। আলোচনাত ভাৰত আৰু ছিংগাপুৰৰ মাজত সহযোগিতা সম্প্ৰসাৰণৰ সম্ভাৱনা থকা ক্ষেত্ৰসমূহত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। ছিংগাপুৰৰ একাংশ আগশাৰীৰ কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু ব্যৱসায়ীসকলে ভাৰতত বিনিয়োগ কৰাৰ উদ্দেশ্যে শ্ৰী মোদীক সাক্ষাৎ কৰে। প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰা মুখ্যকাৰ্যবাহী বিষয়াসকলৰ ভিতৰত ব্লেকষ্টোন ছিংগাপুৰ, টেমাছেক হ’ল্ডিংছ, ছেম্বাক’প ইণ্ডাষ্টিছ লিমিটেড, কেপিটেল লেণ্ড ইনভেছমেণ্ট, এছ টি টেলিমিডিয়া গ্ল’বেল ডেটা ছেণ্টাৰ আৰু ছিংগাপুৰ এয়াৰলাইন্সৰ মুখ্য কাৰ্যবাহী বিষয়া অন্যতম। শ্রী মোদীয়ে কয় যে, তেওঁলোকে অর্থনৈতিক সম্পর্ক সুদৃঢ় কৰাৰ উপায় সম্পৰ্কে আলোচনা কৰে। ভাৰতত বিনিয়োগ আৰু উদ্ভাৱনত উদগনি যোগাব পৰা বিভিন্ন ধৰণৰ সংস্কাৰ অব্যাহত আছে বুলিও প্রধানমন্ত্ৰীয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদী ছিংগাপুৰৰ সফল ভ্ৰমণ সামৰি ইতিমধ্যে ভাৰতলৈ বুলি ৰাওনা হৈছে।

অধিক পঢ়ক

সকলো চাওক