ডাউনলোড
মোবাইল এপ

android apple
signal

April 11, 2024 7:31 PM | Pm China

printer

ভাৰত-চীনৰ সম্পৰ্ক উন্নীতকৰণৰ বাবে দেশ দুখনৰ মাজৰ সীমান্তৰ সমস্যা জৰুৰীভাৱে সমাধান কৰাটো প্ৰয়োজন বুলি প্রধানমন্ত্রীৰ মত প্ৰকাশ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ভাৰত-চীনৰ মাজৰ সম্পৰ্ক উন্নীত কৰাৰ বাবে দেশ দুখনৰ মাজৰ সীমান্তৰ সমস্যা জৰুৰীভাৱে সমাধান কৰাটো প্ৰয়োজন বুলি মত প্ৰকাশ কৰিছে। তেওঁ কয় যে, দেশ দুখনৰ মাজৰ সম্পৰ্ক সুস্থিৰ আৰু শান্তিপূৰ্ণ কৰি তোলাটো সমগ্ৰ অঞ্চল তথা বিশ্বৰ বাবে গুৰুত্বপূৰ্ণ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন আলোচনীত দিয়া এটা সাক্ষাৎকাৰত প্রধানমন্ত্ৰীগৰাকীয়ে কূটনৈতিক আৰু সামৰিক পৰ্যায়ত ইতিবাচক আৰু গঠনমূলক দ্বিপাক্ষিক আলোচনাৰ জৰিয়তে দুয়োখন দেশেই সীমান্তত শান্তি, সুস্থিৰ অৱস্থা বৰ্তাই ৰাখিবলৈ সক্ষম হ’ব বুলি আশা প্রকাশ কৰে। ভাৰতৰ গণতন্ত্ৰ সন্দৰ্ভত তেওঁ কয় যে, দেশখনত অধিক সংখ্যক ভোটদাতাই গণতান্ত্রিক প্রক্রিয়াত অংশগ্ৰহণ কৰাৰ জৰিয়তে গণতন্ত্ৰৰ প্ৰতি জনসাধাৰণৰ বিশ্বাস প্ৰতিফলিত হৈছে। ২০১৯ৰ নিৰ্বাচনত ৬০ কোটিতকৈও অধিক লোকে ভোটদান কৰিছে বুলি তেওঁ প্ৰকাশ কৰে। এইবেলি নিৰ্বাচনত ৯৭ কোটিতকৈও অধিক যোগ্য ভোটদাতাই তেওঁলোকো ভোটাধিকাৰ সাব্যস্ত কৰিব বুলি তেওঁ উল্লেখ কৰে। দেশজুৰি ১০ লাখতকৈও অধিক ভোটগ্রহণ কেন্দ্ৰ সাজু কৰি তোলা হৈছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে সদৰী কৰে।

অধিক পঢ়ক

সকলো চাওক