September 8, 2024 11:13 AM | S Jayshankar

printer

ভাৰত-উপ সাগৰীয় সহযোগিতা পৰিষদৰ বিদেশমন্ত্ৰীসকলৰ প্ৰথমখন বৈঠকত ভাগ লোৱাৰ উদ্দেশ্যে  চৌদি আৰৱলৈ বিদেশ মন্ত্রী এছ জয়শংকৰ

বিদেশ মন্ত্রী এছ জয়শংকৰ ভাৰত-উপ সাগৰীয় সহযোগিতা পৰিষদৰ বিদেশমন্ত্ৰীসকলৰ প্ৰথমখন বৈঠকত ভাগ লোৱাৰ উদ্দেশ্যে আজি চৌদি আৰৱৰ ৰিয়াধলৈ ৰাওনা হ’ব। এই দুদিনীয়া ভ্ৰমণকালত তেওঁ উপসাগৰীয় সহযোগিতা পৰিষদৰ সদস্য ৰাষ্ট্ৰসমূহৰ বিদেশমন্ত্ৰীসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰো সম্ভাৱনা আছে। উপসাগৰীয় সহযোগিতা পৰিষদে সামৰি লোৱা অঞ্চলটো ভাৰতৰ প্ৰধান ব্যৱসায়িক অংশীদাৰ হোৱাৰ লগতে এটা অঞ্চলটোত প্রায় ৮৯ লাখ ভাৰতীয়ই বাস কৰে। বিদেশ মন্ত্ৰীৰ বৈঠক হৈছে ভাৰত আৰু উপসাগৰীয় সহযোগিতা পৰিষদৰ মাজত বিভিন্ন ক্ষেত্ৰত আনুষ্ঠানিক সহযোগিতাৰ পৰ্যালোচনা তথা সম্পর্ক দৃঢ় কৰাৰ এটা সুযোগ। এই ভ্ৰমণকালৰ দ্বিতীয় পৰ্যায়ত শ্ৰীজয়শংকৰে মঙলবাৰৰ পৰা দুদিনীয়া ভ্রমণসূচীৰে জাৰ্মানীৰ বাৰ্লিনলৈ যাব। এয়া হ’ব তেওঁৰ তৃতীয়টো বার্লিন ভ্রমণ। উল্লেখযোগ্য যে, জার্মানী ভাৰতৰ প্ৰধান ব্যৱসায়িক অংশীদাৰ হোৱাৰ লগতে বৃহত্তম প্রত্যক্ষ বিদেশী বিনিয়োগকাৰীসকলৰ ভিতৰত অন্যতম। এই ভ্ৰমণকালত শ্ৰীজয়শংকৰে জাৰ্মানীৰ বিদেশমন্ত্ৰীৰ লগতে আন মন্ত্ৰীসকলক সাক্ষাৎ‍ কৰি দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ সামগ্ৰিক দিশসমূহৰ বিষয়ে আলোচনা কৰিব। ড° জয়শংকৰে ১২ ছেপ্তেম্বৰত চৰকাৰী ভ্ৰমণসূচীৰে ছুইজাৰলেণ্ডৰ জেনেভালৈ যাব। জেনেভাত বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংস্থা আৰু ৰাষ্ট্ৰসংঘৰ বিভিন্ন সংস্থাৰ কার্যালয় আছে। এই ভ্রমণকালত বিদেশ মন্ত্ৰীগৰাকীয়ে ভাৰত সক্রিয়ভাৱে জড়িত হৈ থকা আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ মুৰববী আৰু প্ৰতিনিধিসকলক সাক্ষাৎ কৰিব। তেওঁ দেশ দুখনৰ মাজৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰাৰ লগতে দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশৰ অন্বেষন কৰাৰ বাবে দেশখনৰ বিদেশমন্ত্ৰীৰ সৈতেও বৈঠকত মিলিত হ’ব।

অধিক পঢ়ক

সকলো চাওক