ভাৰত আৰু মলাৱিৰ মাজত সৌহার্দ্য আৰু বন্ধুত্বপূৰ্ণ দ্বিপাক্ষিক সম্পর্ক আছে: ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে কৈছে যে, ভাৰত আৰু মলাৱিৰ মাজত সৌহার্দ্য আৰু বন্ধুত্বপূৰ্ণ দ্বিপাক্ষিক সম্পর্ক আছে। লিলোংগতে ভাৰত মলাৱি ব্যৱসায় সন্মিলনত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে আজি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, ভাৰতে ১৯৬৪ চনত মলাৱিৰ স্বাধীনতা লাভৰ ঠিক পাছত দেশখনৰ সৈতে কূটনৈতিক সম্পৰ্ক স্থাপন কৰা প্ৰথম ৰাষ্ট্ৰ আছিল। তেওঁ লগতে দেশ দুখনৰ মাজৰ বাণিজ্যিক সম্পর্ক ঐতিহাসিক বুলি অভিহিত কৰে। ভাৰত সম্প্ৰতি মলাৱিৰ চতুর্থ সর্ববৃহৎ ব্যৱসায়িক সহযোগী আৰু দেশখনৰ বাবে সৰ্ববৃহৎ বিনিয়োগকাৰীসকলৰ অন্যতম। ৰাষ্ট্ৰপতিগৰাকীয়ে দেশ দুখন ভালেমান ক্ষেত্ৰত সম্পৰ্ক গঢ়ি তোলাৰ বাবে আগবাঢ়ি আহিব পাৰে বুলি মন্তব্য কৰে । ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু তিনিখন আফ্ৰিকীয় ৰাষ্ট্ৰ ভ্ৰমণৰ সপ্তাহজোৰা ভ্ৰমণসূচীৰ তৃতীয় তথা অন্তিম পৰ্যায়ত মলাৱিত উপস্থিত হয়। এয়া কোনো ভাৰতীয় ৰাষ্ট্ৰপতিৰ প্ৰথম মলাৱি ভ্ৰমণ ৷ দেশখনত উপস্থিত হোৱাৰ সময়ত ৰাষ্ট্ৰপতি মুর্মুক বিপুলভাৱে আদৰণি জনোৱা হয়। ভ্রমণকালত শ্ৰীমতী মুর্মু কেইবাখনো দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব আৰু দেশখনত বাস কৰা প্ৰবাসী ভাৰতীয়সকলক সাক্ষাৎ কৰিব।

অধিক পঢ়ক

সকলো চাওক