ভাৰত আৰু বাংলাদেশৰ মাজত আৰম্ভ হোৱা মাছমৰীয়াৰ পাৰস্পৰিক হস্তান্তৰৰ প্ৰক্ৰিয়া অহা দেওবাৰে সমাপ্ত হোৱাৰ সম্ভাৱনা আছে বুলি বিদেশ মন্ত্ৰালয়ে প্রকাশ কৰিছে। এই পৰ্যায়ত বাংলাদেশত আবদ্ধ হৈ থকা ৯৫গৰাকী ভাৰতীয় আৰু ভাৰতত আবদ্ধ হৈ থকা ৯০গৰাকী বাংলাদেশী মাছমৰীয়াক মুকলি
কৰি দিয়া হ’ব। মন্ত্ৰ্যালয়ে কালি প্ৰকাশ কৰা এটা বিবৃতি অনুসৰি ৯৫জন ভাৰতীয় মাছমৰীয়াক ইতিমধ্যে বাংলাদেশ উপকূলৰক্ষী বাহিনীক গতাই দিয়াৰ পাছত তেওঁলোকক ভাৰতীয় উপকূলৰক্ষী বাহিনীক গতাই দিয়া আৰু ইয়াৰ বিনিময় হিচাপে বাংলাদেশী মাছমৰীয়াসকলক ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ পৰা গ্ৰহণ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। এই প্ৰক্ৰিয়াৰ অংশ হিচাপে বাংলাদেশত আবদ্ধ হৈ থকা ছখন ভাৰতীয় মাছমৰীয়া নাও আৰু ভাৰতত আবদ্ধ হৈ থকা বাংলাদেশৰ দুখন নাও পৰস্পৰক গতাই দিয়া হ’ব।
Site Admin | January 4, 2025 1:42 AM | Akashvani Guwahati