June 16, 2024 7:47 PM | Women Cricket

printer

ভাৰত আৰু দক্ষিণ আফ্ৰিকা মহিলা দলৰ তিনিখনীয়া ক্রিকেট শৃংখলাৰ প্ৰথমখন এদিনীয়া অব্যাহত

বাংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মহিলা দলৰ তিনিখনীয়া ক্রিকেট শৃংখলাৰ প্ৰথমখন এদিনীয়াত আজি ভাৰতে দক্ষিণ আফ্ৰিকাক জয়ৰ বাবে ২৬৬ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। আমালৈ বাতৰি অহা পৰলৈকে দক্ষিণ আফ্রিকাই ২২ অভাৰত ৪ টা উইকেট হেৰুৱাই ৭২ ৰান কৰি খেলি আছে। হৰমনপ্রীত কৌৰৰ নেতৃত্বৰ ভাৰতৰ মহিলা দলটোৱে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ৫০ অভাৰত ৮ টা উইকেট হেৰুৱাই ২৬৫ ৰাণ কৰে। দলৰ হৈ স্মৃতি মান্ধানাই ১১৭ ৰাণ কৰে। আলহী দলটোৰ আয়াবুংগা খাকাই তিনিটা আৰু মাছাবাটা ক্লাছে দুটাকৈ উইকেট দখল কৰে। উল্লেখযোগ্য যে ২০২৫ চনৰ আই চি চি এদিনীয়া বিশ্বকাপ ক্রিকেটৰ প্ৰস্তুতিৰ ক্ষেত্ৰত দুয়োটা দলৰ বাবে এই শৃংখলাটো অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ’ব।

অধিক পঢ়ক

সকলো চাওক