ডাউনলোড
মোবাইল এপ

android apple
signal

ভাৰত আৰু চীনৰ সৈনিকৰ পূব লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত টহল আৰম্ভ

ভাৰত আৰু চীনৰ সৈনিকসকলে পূব লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত টহল আৰম্ভ কৰিছে। ভাৰতীয় সেনাৰ সূত্ৰই প্ৰকাশ কৰা মতে, ডেমচ’ক এলেকাত টহল পুনৰ আৰম্ভ হৈছে। উভয় দেশৰ সৈনিকৰ মাজত ২০২০ চনৰ এপ্ৰিলত সংঘৰ্ষৰ সূত্ৰপাত হোৱাৰ পাছৰে পৰা অঞ্চলটোত টহল ব্যৱস্থা বন্ধ আছিল আৰু প্ৰায় চাৰে চাৰি বছৰৰ পাছত এই ব্যৱস্থা পনৰ আৰম্ভ হৈছে। ডেপচাঙতো শীঘ্ৰে টহল আৰম্ভ হ’ব। দুয়োখন দেশে যোৱা মাহৰ এলানি কূটনৈতিক আৰু সামৰিক পৰ্য্যায়ৰ আলোচনাৰ অন্তত সীমান্তৰ পৰা সৈন্য প্রত্যাহাৰ সন্দৰ্ভত সহমতত উপনীত হৈছিল। সেই মৰ্মে কালি দীপাৱলী উপলক্ষে ভাৰত আৰু চীনৰ সৈনিকসকলে ছুছুল মোলডো, দৌলতবেগওল্ডি, হটস্প্রিং, কেকে গিৰিপথ আৰু কোংলাসহ ভালেমান স্থানত মিঠাইৰ আদান-প্ৰদান কৰে। সৈন্য প্রত্যাহাৰৰ প্ৰক্ৰিয়া যোৱা ২২ অক্টোবৰত আৰম্ভ হৈছে। দুয়োখন দেশৰ সৈনিকসকলে ডেপচা আৰু ডেমচ’ক এলেকাৰ পৰা অস্থায়ী টেণ্ট আৰু পৰিকাঠামোসমূহ আঁতৰ কৰিছে। পৰিকল্পনা অনুসৰি, ভাৰত আৰু চীনে স্পৰ্শকাতৰ অঞ্চলত টহলৰ পূৰ্বে পৰস্পৰৰ্ক এইবিষয়ে অৱগত কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক