ডাউনলোড
মোবাইল এপ

android apple
signal

December 4, 2024 8:48 PM | Indo-China

printer

ভাৰত আৰু চীনৰ সীমান্তৱৰ্তী এলেকাত শান্তি আৰু সুস্থিৰতাত গুৰুত্ব আৰোপ

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে ভাৰত আৰু চীনৰ মাজত সম্পৰ্ক উন্নত কৰাৰ বাবে সীমান্তৱৰ্তী এলেকাত শান্তি আৰু সুস্থিৰতাত গুৰুত্ব আৰোপ কৰিছে। চীনৰ সৈতে ভাৰতৰ সম্পৰ্কৰ বিষয়ে আজি ৰাজ্যসভাত সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে অনাগত সময়ত দুয়োখন দেশৰ মাজত হ’বলগীয়া আলোচনাত সীমান্ত এলেকাৰ পৰা সৈন্যৰ প্ৰত্যাহাৰ আৰু ফলপ্ৰসূ সীমান্ত ব্যৱস্থাপনাৰ বিষয় দুটাই স্থান লাভ কৰিব ।
২০২০ চনৰ এপ্রিল-মে’ত ভাৰতীয় আৰু চীনা সৈন্য বাহিনীৰ মাজত সৃষ্টি হোৱা অচলাবস্থা সন্দৰ্ভত ড০ জয়শংকৰে কয়, যে ২০২০ চনৰে পৰা ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্ক অস্বাভাৱিক হৈ আছে। সেই সময়ত চীনে পূৱ লাডাখৰ বাস্তৱিক নিয়ন্ত্ৰণৰেখাত ভালেসংখ্যক সৈনিক নিয়োজন কৰাক লৈ কেইবাটাও স্থানত সংঘৰ্ষৰ সূত্রপাত হৈছিল। মন্ত্ৰীগৰাকীয়ে কয়, যে এনে পৰিস্থিতিৰ বাবে তহলদাৰী ব্যৱস্থাও বিঘ্নিত হৈছিল। ড০ জয়শংকৰে সশস্ত্র বাহিনীৰ ভূমিকাৰ প্ৰশংসা কৰি কয়, যে প্ৰত্যুত্তৰত পৰিবহন প্ৰত্যাহ্বান আৰু কোৱিডজনিত পৰিস্থিতি স্বত্তেও ভাৰতে ক্ষীপ্ৰ আৰু ফলপ্ৰসুভাৱে সৈন্য মোতায়েন কৰিবলৈ সমৰ্থ হৈছিল। মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত আৰু চীনে সীমা সমস্যা সমাধানৰ বাবে কেইবাদশক ধৰি আলোচনা কৰি আছে। সীমান্ত এলেকাৰ আন্তঃগাথনিৰ উন্নয়নৰ প্ৰতি চৰকাৰ বদ্ধপৰিকৰ বুলি উল্লেখ কৰি ড° জয়শংকৰে কয়, যে সীমাৱৰ্তী এলেকাৰ আন্তঃগাথনি উন্নয়নৰ বাবে সৈন্য বাহিনীয়ে স্থিতি অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ সমৰ্থ হৈ উঠিছে।

অধিক পঢ়ক

সকলো চাওক