ডাউনলোড
মোবাইল এপ

android apple
signal

April 1, 2025 7:40 PM | India-Chile

printer

ভাৰত আৰু চিলিৰ দুৰ্যোগ ব্যৱস্থাপনা আৰু সাংস্কৃতিক বিনিময় সম্পৰ্কত কেইবাখনো চুক্তিত স্বাক্ষৰ

ভাৰত আৰু চিলিয়ে দুৰ্যোগ ব্যৱস্থাপনা আৰু সাংস্কৃতিক বিনিময় ক্ষেত্ৰত সহযোগিতাৰ বাবে কেইবাখনো চুক্তিত স্বাক্ষৰ কৰিছে। দুয়োপক্ষই লগতে এণ্টাৰটিকা সহযোগিতাৰ বাবে অভিপ্ৰায় পত্ৰও বিনিময় কৰিছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত চিলিৰ ৰাষ্ট্ৰপতি গেব্রিয়াল ব’ৰিক ফণ্টৰ সৈতে হোৱা আলোচনাৰ অন্তত এই চুক্তিকেইখন স্বাক্ষৰিত হয়।
শ্রীমোদীয়ে প্ৰেছ বিবৃতিযোগে কয় যে চিলি লেটিন আমেৰিকাত ভাৰতৰ গুৰুত্বপূৰ্ণ সহযোগী। তেওঁ কয়, যে আজিৰ আলোচনাই অনাগত দশকত সহযোগিতা বৃদ্ধিৰ নতুন উদ্যমৰ অন্বেষণৰ সহায় কৰিব। দুয়োখন দেশ পৰস্পৰৰ বাবে লাভদায়ক এখন সর্বাত্মক অর্থনৈতিক সহযোগিতা চুক্তি সম্পৰ্কে আলোচনা আৰম্ভ কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে দুর্লভ খনিজাত পদার্থ সম্পর্কীয় সহযোগিতা সূদৃঢ় কৰা হব আৰু স্থিতিস্থাপক গুণ সম্পর্ক যোগান আৰু মূল্য শৃংখলা গঢ়ি তোলাৰ বাবে প্ৰয়াস চলোৱা হ’ব। তেওঁ লগতে দুয়োখন দেশে কৃষি খণ্ডত পাৰস্পৰিক সামৰ্থ্য সদ্ব্যৱহাৰ কৰি খাদ্যৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে সহযোগিতা কৰিব বুলি ঘোষণা কৰে। ভাৰত ডিজিটেল ৰাজহুৱা আন্তঃগাথনি, নৱীকৰণযোগ্য শক্তি, ৰেল, মহাকাশ আৰু অন্যান্য ক্ষেত্ৰত চিলিৰ সৈতে ইতিবাচক অভিজ্ঞতা বিনিময় কৰিবলৈ সাজু বুলি শ্রীমোদীয়ে মন্তব্য কৰে। চিলিৰ ৰাষ্ট্ৰপতি বৰিকে দুয়োগৰাকী নেতাই স্বাস্থ্য সম্পৰ্কে আৰু চিলিক বহনসাধ্য প্ৰযুক্তি আৰু উদ্ভাৱনৰ নিৰ্ভৰযোগ্য সহযোগী হিচাপে গঢ়ি তোলাৰ আকাংক্ষাৰ বিষয়ে আলোচনা কৰা বুলি উল্লেখ কৰে। তেওঁ কয় যে চিলিয়ে এণ্টাৰটিকা দেশখনৰ এটা গুৰুত্বপূৰ্ণ বিষয় বুলি গণ্য কৰে। চিলিক এণ্টাৰটিকাৰ প্ৰৱেশদ্বাৰ বুলি অভিহিত কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰধানমন্ত্রী মোদীক এণ্টাৰটিকা ভ্ৰমণ কৰিবলৈ আমন্ত্ৰণ জনায়। এই সন্দৰ্ভত দুয়োপক্ষই অন্বেষণ ক্ষেত্ৰত সহযোগিতা চুক্তি স্বাক্ষৰ কৰা বুলি তেওঁ প্ৰকাশ কৰে। ইয়াৰ পূৰ্বে শ্ৰীব ৰিকে ৰাজঘাটত থকা মহাত্মা গান্ধীৰ সমাধিত শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰেও অভ্যাগত ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰে আৰু ভাৰত আৰু চিলিৰ মাজৰ সহযোগিতা সূদৃঢ় কৰাৰ প্ৰতি থকা প্ৰতিশ্ৰুতিবদ্ধতাৰ বাবে শ্রীবৰিকক ভূয়শী প্রশংসা কৰে। চিলিৰ ৰাষ্ট্ৰপতিগৰাকী আজি ৫ দিনীয়া ভাৰত ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হয়। তেওঁৰ সৈতে এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলো আহিছে। ভ্ৰমণকালত শ্ৰীব’ৰিক আগ্রা, মুম্বাই আৰু বেংগালুৰুলৈ যাব।

অধিক পঢ়ক

সকলো চাওক