ডাউনলোড
মোবাইল এপ

android apple
signal

February 18, 2025 8:20 PM | India-Qatar Friendship

printer

ভাৰত আৰু কাটাৰে বাণিজ্য, শক্তি, বিনিয়োগ আদিত সম্পৰ্কত উন্নীতকৰণৰ সিদ্ধান্ত গ্ৰহণ

ভাৰত আৰু কাটাৰে বাণিজ্য, শক্তি, বিনিয়োগ, উদ্ভাৱন, প্ৰযুক্তি, খাদ্য, সুৰক্ষা, সংস্কৃতি আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কত বিশেষ  গুৰুত্ব আৰোপেৰে উভয় দেশৰ মাজৰ সম্পৰ্কক কৌশলগত সহযোগিতালৈ উন্নীত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কাটাৰৰ আমিৰ শ্বেইখ তামিম বিন হামাদ অল থানীৰ মাজত নতুন দিল্লীত অনুষ্ঠিত প্ৰতিনিধি পৰ্য়াযৰ বৈঠকত দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থজড়িত বিভিন্ন বিষয় লৈ মত-বিনিময় কৰে। দুয়োখন দেশে লগতে দুখন বুজাবুজিৰ চুক্তিও স্বাক্ষৰ কৰে। বৈঠকত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ, বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমন, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেল, ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত দোভাল আৰু অন্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। ইয়াৰ পূৰ্বে পুৱাৰ ভাগত ভাৰত ভ্ৰমণৰত আমিৰগৰাকীক ৰাষ্ট্ৰপতি ভৱনত আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেইবাগৰাকীও কেবিনেট মন্ত্ৰীয়ে এই অনুষ্ঠানত ভাগ লয়।

ইপিনে, কাটাৰৰ আমিৰ অল থানীৰ ভাৰত ভ্ৰমণৰ লগত সংগতি ৰাখি দুয়োখন ৰাষ্ট্ৰই ব্যৱসায় আৰু বিনিয়োগ সহযোগিতা সুদৃঢ় কৰাৰ উদ্দেশ্যে আজি দুখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেল আৰু কাটাৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্বেইখ ফেইজল বিন থানী বিন ফেইজল আল থানীৰ উপস্থিতিত এই চুক্তিকেইখন স্বাক্ষৰ কৰা হয়। কাটাৰৰ ব্যৱসায়ী সংস্থা আৰু ভাৰতৰ উদ্যোগ মহাসংঘ তথা ইনভেষ্ট ইণ্ডিয়াৰ মাজত এই চুক্তিকেইখন সম্পাদিত হয়। এই উপলক্ষে শ্ৰীগোৱেলে কয়, যে ভৱিষ্যতে বহনক্ষমতা, প্ৰযুক্তি, উদ্যমশীলতা আৰু শক্তি – ভাৰত আৰু কাটাৰৰ মাজৰ সহযোগিতাৰ মূল স্তম্ভ হব। দেশত বিনিয়োগৰ সুযোগসমূহৰ বিষয়ে আলোকপাত কৰি শ্ৰীগোৱেলে কয় যে ব্যৱসায়ৰ প্ৰতিটো ক্ষেত্ৰৰ সংস্কাৰে ব্যাৱসায়িক সূচলতা নিশ্চিত কৰিছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে দুয়ো দেশৰ মাজৰ ব্যৱসায়িক সহযোগিতাই ২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলা আৰু কাটাৰে জনসাধাৰণৰ অধিক সমৃদ্ধিৰ বাবে গ্ৰহণ কৰা ৰাষ্ট্ৰীয় পৰিকল্পনা ২০৩০ৰ মাজত সমন্বয় স্থাপনত সহায় কৰিব। কাটাৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰীগৰাকীয়ে ভাৰতীয় বিনিয়োগকাৰী আৰু উদ্যমীসকলক সেই দেশৰ অৰ্থব্যৱস্থাৰ পূৰ্ণ সম্ভাৱনাৰ অন্বেষণ কৰিবলৈ আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক