ভাৰত-আলজেৰিয়াৰ মাজৰ সম্পৰ্ক শক্তিশালী আৰু সম্প্ৰসাৰণ কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰপতি মুৰ্মুৰ দ্বিপাক্ষিক বৈঠক

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি ভাৰত-আলজেৰিয়াৰ মাজৰ সম্পৰ্ক শক্তিশালী আৰু সম্প্ৰসাৰণ কৰাৰ উদ্দেশ্যে দেশখনৰ নেতৃবৰ্গৰ সৈতে কেইবাখনো দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ লগতে আলজেৰিয়ান-ভাৰত অর্থনৈতিক সন্মিলনতো অংশগ্ৰহণ কৰে। শ্রীমতী মুর্মু কালি আলজিয়াৰ্ছ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হোৱাৰ পাছত দেশখনৰ ৰাষ্ট্ৰপতি আব্দেলমজিদ টেবুনে তেওঁক আনুষ্ঠানিকভাৱে আদৰণি জনায়।

Image

উল্লেখযোগ্য যে ৰাষ্ট্ৰপতিগৰাকীয়ে আলজেৰিয়া, মৰিটেনিয়া আৰু মালৱিৰ ত্ৰিদেশীয় ভ্রমণসূচীৰ প্ৰথম পৰ্যায়ত যোৱা নিশা আলজেৰিয়াৰ ৰাজধানী আলজিয়াৰ্ছত উপস্থিত হয়।

Image

ৰাষ্ট্ৰপতিগৰাকীয়ে পাছত এটা সমূহীয়া অভ্যর্থনা অনুষ্ঠানত অংশগ্ৰহণ কৰি আলজেৰিয়াত বাস কৰা প্ৰৱাসী ভাৰতীয়সকলৰ প্ৰচেষ্টাৰ শলাগ লয় আৰু দুয়ো দেশৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে ভাল কামসমূহ অব্যাহত ৰাখিবলৈ আহ্বান জনায়।
ৰাষ্ট্ৰপতিয়ে মুৰ্মুৱে আজি আলজেৰিয়াৰ স্বাধীনতা সংগ্ৰামৰ শ্বহীদসকলৰ মেগাম ইছাহিদ পৰিদৰ্শন কৰে। তেওঁ লগতে মুজাহিদ সংগ্রহালয়ো পৰিদৰ্শন কৰে।

Image

শ্রীমতী মুৰ্মুৱে দেশখনৰ ৰাষ্ট্ৰপতি মজিদৰ লগতে শীৰ্ষ পৰ্যায়ৰ অন্য প্রতিনিধিসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব। আজি তেওঁ দেশখনত বাসকৰা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলকো সম্বোধন কৰিব। ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত ৰাষ্ট্ৰপতি মুৰ্মু ১৬ অক্টোবৰত ম’ৰিটেনিয়াত উপস্থিত হ’ব আৰু অন্তিম পৰ্যায়ত ১৭ৰ পৰা ১৯ অক্টোবৰলৈ ম’লাৱিত ভ্ৰমণ কৰিব। দেশ কেইখনৰ ভ্ৰমণ কালত ৰাষ্ট্ৰপতিগৰাকীয়ে কেইবাখনো দ্বিপাক্ষিত আলোচনাত মিলিত হ’ব আৰু আগশাৰীৰ উদ্যোপতি আৰু ব্যৱসায়সকলৰ সৈতে মত বিনিময় কৰিব। তেওঁ লগতে দেশ কেইখনত বাস কৰা প্ৰৱাসী ভাৰতীয়সকলৰ সৈতেও কথোপকথনত মিলিত হ’ব।

অধিক পঢ়ক

সকলো চাওক