ডাউনলোড
মোবাইল এপ

android apple
signal

ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱত উপস্থিত বিশেষজ্ঞসকলৰ পৰা যিমান সম্ভৱ সিমান শিকিবলৈ অংশগ্ৰহণকাৰী শিক্ষাৰ্থীসকলক মুখ্যমন্ত্রীৰ আহ্বান

ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱত উপস্থিত বিশেষজ্ঞসকলৰ পৰা যিমান সম্ভৱ সিমান শিকিবলৈ অংশগ্ৰহণকাৰী শিক্ষাৰ্থীসকলক মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে। মহোৎসৱখনক শিকাৰ মঞ্চ হিচাপে ব্যৱহাৰ কৰিবলৈও মুখ্যমন্ত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায়।

কেন্দ্ৰীয় চৰকাৰৰ বিজ্ঞান আৰু ঔদ্যোগিক গৱেষণা পৰিষদ চি আই এছ আৰ, বিজ্ঞান প্ৰযুক্তি মন্ত্ৰ্যালয় আৰু ভূ-বিজ্ঞান মন্ত্ৰ্যালয়ৰ উদ্যোগত আজিৰ পৰা আৰম্ভ হোৱা আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই এই মহোৎসৱ আয়োজন কৰাৰ সুযোগ দিয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰে।

আজিৰ উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰ্যালয়ৰ স্বতন্ত্ৰ ৰাজ্য মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙৰ লগতে অৰুণাচল প্ৰদেশৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী দাছাংলু পুলু, নীতি আয়োগৰ সদস্য ড০ ভি কে সাৰস্বতকে ধৰি বহুকেইগৰাকী বিশিষ্ট বিজ্ঞানী উপস্থিত থাকে। উল্লেখযোগ্য যে বিজ্ঞান আৰু প্ৰযুক্তিক মূল চালিকা শক্তিৰূপে লৈ ভাৰতক বিশ্বৰ অগ্ৰণী ৰাষ্ট্ৰলৈ ৰূপান্তৰৰ লক্ষ্যৰে অনুষ্ঠিত কৰা এইবাৰৰ দশম বাৰ্ষিক বিজ্ঞান মহোৎসৱত প্ৰায় ১২ হাজাৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। এই আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱৰ ২ ডিচেম্বৰত হ’বলগীয়া মত বিনিময় অনুষ্ঠানত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষ তথা বিশিষ্ট বিজ্ঞানী এছ সোমনাথ উপস্থিত থাকিব। অহা ৩ ডিচেম্বৰত এই মহোৎসৱৰ সামৰণি পৰিব।

অধিক পঢ়ক

সকলো চাওক