ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই কালি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ১৪ নৱেম্বৰত আৰম্ভ হোৱা ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা চমুকৈ আই আই টি এফৰ অসম পেভিলিয়ন পৰিদর্শন কৰে। ইণ্ডিয়ান ট্রেড প্রমোচন অর্গনাইজেচনে আয়োজন কৰা এই বাণিজ্য মেলাত অসমৰ বিপণীসমূহে ৰাজ্য চৰকাৰৰ উদ্যোগ বিভাগৰ আয়ুক্তৰ কাৰ্যালয়ৰ অধীনত অংশগ্রহণ কৰিছে। মন্ত্ৰী বৰাই অসম পেভিলিয়নৰ বিপণীসমূহ পৰিদৰ্শন কৰি প্ৰতিষ্ঠানসমূহৰ প্ৰতিনিধিসকলৰ সৈতে মত বিনিময় কৰে। এই মেলাত অসমৰ ৭৭টা ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগত চমুকৈ এম এছ এম ইয়ে অংশগ্ৰহণ কৰাৰ লগতে ৫টাকৈ চৰকাৰী বিভাগেও অংশগ্রহণ কৰিছে। মন্ত্রী বিমল বৰাই মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমে উদ্যোগ আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত এক বিশেষ স্তৰত উপনীত হৈছে বুলি উল্লেখ কৰে। মন্ত্ৰী বৰাই তেওঁৰ ভাষণত ৰাজ্যৰ উদ্যোগখণ্ডৰ শেহতীয়া খতিয়ান দাঙি ধৰাৰ লগতে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান, ষ্টার্টআপ অসমৰ পৰা আৰম্ভ কৰি ৰাজ্য চৰকাৰে শেহতীয়াভাৱে গ্ৰহণ কৰা কাষ্টমাইজ পলিচি সন্দৰ্ভতো ভাষণত উল্লেখ কৰে।
Site Admin | November 23, 2024 11:12 AM | Bimal Borah