ভাৰতে ২০৩০ চনৰ ভিতৰত অজীৱাশ্ম উৎসৰ পৰা আহৰণ কৰা শক্তিৰে বিদ্যুৎ শক্তি সামর্থ্য ৫০০ গিগাৱাটলৈ বৃদ্ধিৰ লক্ষ্য লৈছে আৰু ইয়াৰ বাবে ১০০ শতাংশ প্রত্যক্ষ বিদেশী বিনিয়োগত অনুমোদন জনাইছে। কেন্দ্ৰীয় নতুন আৰু নবীকৰণযোগ্য শক্তি দপ্তৰৰ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে এই বিষয়ে প্রকাশ কৰে। তেওঁ কয় যে বিশ্ব সৰ্ববৃহৎ গণতন্ত্ৰ আৰু দ্রুত বিকশিত ৰাষ্ট্ৰ হিচাপে ভাৰতৰ নবীকৰণযোগ্য শক্তি আহৰণৰ যাত্রাই অন্য উন্নয়নশীল অৰ্থনীতিৰ ৰাষ্ট্ৰসমূহক বহনক্ষমতা আহৰণৰ পথত অগ্ৰসৰ হ’বলৈ উৎসাহিত কৰিব। ভাৰতে ২০৭০ চনৰ ভিতৰত শূণ্য কাৰ্বন নিৰ্গমনৰ লক্ষ্যত উপনীত হোৱাৰ বাবে কাম কৰি আছে বুলিও তেওঁ উল্লেখ কৰে। তেওঁ কয় যে শক্তিশালী নীতি নির্ধাৰণ আৰু আন্তঃৰাষ্ট্ৰীয় অংশীদাৰিত্বৰ ফলত দেশৰ নবীকৰণযোগ্য শক্তি আহৰণৰ যাত্ৰা সূচল হৈ উঠিছে। উদাহৰণস্বৰূপে মন্ত্ৰীগৰাকীয়ে ভাৰত আৰু ফ্রান্সে অংশীদাৰিত্বৰে লোৱা আন্তঃৰাষ্ট্ৰীয় সৌৰ সহযোগিতাৰ পদক্ষেপৰ বিষয়ে উল্লেখ কৰে। উল্লেখযোগ্য যে ২০১৫ চনৰ পেৰিচ জলবায়ু পৰিৱৰ্তন শীৰ্ষ সন্মিলনত গ্ৰহণ কৰা সেউজ পৃথিৱী গঢ়ি তোলাৰ বাবে গ্ৰহণ কৰা সংকল্প পূৰ্ণৰ দিশে পদক্ষেপ লোৱা ভাৰতেই একমাত্ৰ ৰাষ্ট্ৰ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা মাহত উল্লেখ কৰিছিল।
Site Admin | September 15, 2024 7:34 PM | 4th Global Bio-India 2024
ভাৰতৰ ২০৩০ চনৰ ভিতৰত অজীৱাশ্ম উৎসৰ পৰা আহৰণ কৰা শক্তিৰে বিদ্যুৎ শক্তি সামর্থ্য ৫০০ গিগাৱাটলৈ বৃদ্ধিৰ লক্ষ্যঃ প্ৰহ্লাদ যোশী
