প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে ভাৰতৰ সাংস্কৃতিক বিচিত্ৰতা দেশখনৰ বিভিন্ন প্ৰান্তৰ বস্ত্ৰত প্ৰতিফলিত হয়। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজি ভাৰত টেক্স-২০২৫ অনুষ্ঠানত সমবেত লোকসকলক সম্বোধন কৰি শ্ৰীমোদীয়ে কয়, যে ফার্ম অর্থাৎ পাম, ফাইবাৰ অৰ্থাৎ সূতা, ফেব্রিক অর্থাৎ বস্ত্র, ফেচন অৰ্থাৎ শৈলী আৰু ফৰেইন অর্থাৎ বিদেশৰ দৃষ্টিভংগী সম্প্ৰতি অভিযানত পৰিণত হৈছে। ইয়াৰ জৰিয়তে ভাৰতৰ বিকাশ বিভিন্ন ক্ষেত্ৰলৈ সম্প্ৰসাৰিত হোৱা বুলি তেওঁ মত প্ৰকাশ কৰে। বস্ত্ৰ তথা কাপোৰ ৰপ্তানি কৰাৰ ক্ষেত্ৰত দেশে ষষ্ঠ স্থানলৈ উন্নীত হোৱা বুলি তেওঁ প্ৰকাশ কৰে। এই ক্ষেত্ৰত সদ্যহতে ভাৰতৰ ৰপ্তানিয়ে ৩ লাখ কোটিৰ ঘৰ স্পৰ্শ কৰা বুলি প্ৰকাশ কৰি তেওঁ কয়, যে ২০৩০ চনলৈ এই পৰিমাণ ৯ লাখ কোটি টকালৈ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে। প্রধানমন্ত্ৰীগৰাকীয়ে প্ৰদৰ্শনী স্থল পৰিদৰ্শন কৰি অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰে।
Site Admin | February 16, 2025 9:03 PM | PM Modi at India Tax 2025
ভাৰতৰ সাংস্কৃতিক বিচিত্ৰতা দেশখনৰ বিভিন্ন প্ৰান্তৰ বস্ত্ৰত প্ৰতিফলিত হয়ঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
