থাইলেণ্ডৰ বেংককত চলি থকা বিশ্ব অলিম্পিক বক্সিং কোৱালিফায়াৰ প্ৰতিযোগিতাৰ পুৰুষৰ ৫৭ কিলোগ্রাম শাখাত ভাৰতৰ শচীন চিৱাছে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। তেওঁ তুৰস্কৰ প্ৰতিদ্বন্দ্বীক ৫-০ৰ ব্যৱধানত পৰাস্ত কৰি বিজয় সাব্যস্ত কৰে। আৰু দুখন খেলত জয়লাভ কৰিব পাৰিলেই চিৱাছে পেৰিছ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিব। ইপিনে, ভাৰতৰ অংকুশিতা বড়ো ইতিমধ্যে প্রতিযোগিতাৰ মহিলাৰ ৬০ কিলোগ্রাম ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। খেলুৱৈগৰাকীয়ে কালি কাজাখস্তানৰ প্ৰতিদ্বন্দ্বীক ৮-১ ফলাফলত পৰাস্ত কৰে। প্ৰতিযোগিতাত পুৰুষৰ ৭১ কিলোগ্রাম ওজন শাখাত ভাৰতৰ নিশান্ত দেৱেও থাইলেণ্ডৰ প্ৰতিদ্বন্দ্বীক ৫-০ ফলাফলত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। একেদৰে ভাৰতৰ অৰুন্ধতী চৌধাৰীয়েও মহিলাৰ ৬৬ কিলোগ্ৰামৰ ওজন শাখাৰ প্রি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। অৱশ্যে ৯২ কিলোগ্ৰামতকৈ অধিক ওজন শাখাত ভাৰতৰ নৰেন্দ্ৰৰ বেৰৱাল পৰাজিত হৈছে।
Site Admin | May 30, 2024 6:32 PM | Boxing WQ
ভাৰতৰ শচীন চিৱাছ বিশ্ব অলিম্পিক বক্সিং কোৱালিফায়াৰ প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত
