ডাউনলোড
মোবাইল এপ

android apple
signal

ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে আঞ্চলিক অস্থিৰতাৰ সুদূৰ প্ৰসাৰী প্রভাব সম্পর্কে আলোকপাত বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ

বিদেশ মন্ত্ৰী এছ জয়শংকৰে ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে আঞ্চলিক অস্থিৰতাৰ সুদূৰ প্ৰসাৰী প্রভাব সম্পর্কে আলোকপাত কৰিছে। কাটাৰত আজি মুকলি হোৱা দোহা মঞ্চ ২০২৪ৰ এটা আলোচনা চক্ৰত অংশগ্ৰহণ কৰি ড০ জয়শংকৰে এনেদৰে কয়। কাটাৰৰ প্রধানমন্ত্ৰী আৰু নৰোৱেৰ বিদেশ মন্ত্ৰীৰ সৈতে নতুন যুগৰ সংঘাটৰ সৈতে মধ্যস্থতা সম্পর্কে আলোচনা কৰি শ্ৰী জয়শংকৰে দূৰৈৰ সংঘাতেও ভাৰতৰ অৰ্থনীতি আৰু নিৰাপত্তাৰ দিশত পেলোৱা স্পষ্ট প্ৰভাৱৰ বিষয়েও সজোৰে মত প্ৰকাশ কৰে। ভৌগোলিক ভাবে ভাৰত যথেষ্ট দূৰত্বত থাকিলেও এনে সংঘাতসমূহৰ প্রভাব খৰতকীয়াকৈ ভাৰতত পৰে বুলিও তেওঁ কয়। মন্ত্ৰীগৰাকীয়ে ভূমধ্য সাগৰীয় আৰু উপসাগৰীয় দেশসমূহত বাস কৰা ভাৰতীয় সম্প্রদায় আৰু বাণিজ্যিক প্ৰসাৰৰ বিষয়েও আঙুলিয়াই দিয়ে। শ্রী জয়শংকৰে লগতে আঞ্চলিক সংঘাটসমূহৰ প্ৰকৃতি ব্যাপক হৈ যোৱাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰি কয়, যে দুবছৰৰ আগত অসম্ভৱ যেন লগা ইৰান আৰু ইজৰাইলৰ মাজৰ শত্ৰুতা এতিয়া বাস্তৱত পৰিণত হৈছে। তেওঁ লোহিত সাগৰৰ উন্নয়ন আৰু এছিয়াৰ জাহাজ পথত ইয়াৰ প্রভাবৰ বিষয়েও উদ্বেগ প্রকাশ কৰে। ইউক্রেইন সংঘাট সন্দৰ্ভত শ্রী জয়শংকৰে ৰাষ্ট্ৰপতি পুটিন আৰু জেলেনস্কিৰ সৈতে ভাৰত কূটনৈতিকভাৱে জড়িত হোৱা কথা উল্লেখ কৰি কয়, যে এই সমস্যাৰ যুদ্ধক্ষেত্ৰত কেতিয়াও সমাধান নোলাব। ২২ সংখ্যক দোহা মঞ্চৰ এইবাৰৰ বিষয়বস্তু হৈছে নতুন নতুন চিন্তা আৰু ধাৰণাৰে গ্ৰাহকৰ চাহিদা পূৰণ কৰাৰ উদ্দেশ্যে বিভিন্ন প্রতিষ্ঠানক কামত অগ্ৰসৰ হোৱাত উৎসাহিত কৰা। এই মঞ্চই ১৫০ খন দেশৰ ৪ হেজাৰ ৫০০ তকৈও অধিক অংশগ্ৰহণকাৰীক একত্ৰিত কৰিছে।

অধিক পঢ়ক

সকলো চাওক