ডাউনলোড
মোবাইল এপ

android apple
signal

September 27, 2024 8:00 PM | GDP Related

printer

ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন চলিত বিত্তীয় বৰ্ষত ৬.৫%ৰ পৰা ৭% অৰ্জনৰ লক্ষ্য স্থিৰ কেন্দ্ৰৰ

ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন চলিত বিত্তীয় বৰ্ষত ৬ দশমিক ৫ শতাংশৰ পৰা ৭ শতাংশ অৰ্জনৰ লক্ষ্য স্থিৰ কৰা হৈছে। বিত্ত মন্ত্ৰ্যালয়ে কালি আগষ্ট মাহৰ বিত্তীয় সমীক্ষা অনুসৰি এই কথা প্ৰকাশ কৰিছে। চলিত বিত্তীয় বৰ্ষত প্রথম ত্রিমাষিকত কৃষিখণ্ডক বাদ দি আন গুৰুত্বপূৰ্ণ খণ্ডসমূহত ৫ শতাংশৰো অধিক বৃদ্ধি হৈছে। আগষ্ট মাহত খুচুৰা মুদ্রাস্ফীতি ৩ দশমিক ৭ শতাংশ হৈছে। প্ৰতিবেদন অনুসৰি মুদ্রাস্ফীতিৰ হাৰ ইতিবাচক বুলি প্ৰকাশ কৰা হৈছে। বতৰ অস্বাভাৱিক পৰিৱৰ্তনৰ ফলত গ্ৰাম্য আয় মধ্যমীয়া হৈ থাকিব। অৱশ্যে গোলকীয় অর্থব্যৱস্থা সন্দৰ্ভত এই প্ৰতিবেদনত অনিশ্চিয়তা প্ৰকাশ কৰা হৈছে। ইয়াৰ ফলত বাহনৰ বিক্ৰী আৰু চহৰ অঞ্চলত সামগ্ৰীৰ বিক্ৰী হ্ৰাস পোৱা পৰিলক্ষিত হৈছে।

অধিক পঢ়ক

সকলো চাওক